Choose Language

  • All  
  • English
  • অসমীয়া

মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত হিমন্ত বিশ্ব শৰ্মা


Published on May 31, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

অন্ধ হৈও গঢ়িলে অভিলেখ:মাউণ্ট এভাৰেষ্ট জয়ী এছিয়াৰ প্ৰথমগৰাকী অন্ধ ব্যক্তি


Published on May 31, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৩১ মে':চীনৰ দৃষ্টিহীন ৪৬বছৰীয়া পৰ্বতাৰোহী ঝাং হাঙে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউন্ট এভাৰেষ্ট জয় কৰিলে।এই জয়েৰে তেওঁ এছিয়াৰ প্ৰথমজন মাউণ্ট এভাৰেষ্ট জয়ী অন্ধ ব্যক্তি হৈ উঠিল।তেওঁ এইক্ষেত্ৰত এছিয়াৰ প্ৰথম আৰু বিশ্বৰ ভিতৰত তৃতীয়গৰাকী অন্ধ পৰ্বতাৰোহী হিচাপে অভিলেখ গঢ়িলে।

ঝাং হং এভাৰেষ্ট জয় কৰা পৃথিৱীৰ তৃতীয়গৰাকী অন্ধ ব্যক্তি।ঝাঙৰ জন্ম চীনৰ দক্ষিণ-পশ্চিমৰ চাংকুয়াঙত হৈছিল।তেওঁ ২১ বছৰ বয়সত গ্লুকোমাৰ বাবে অন্ধ হৈছিল।২০০১ চনত এবাৰেষ্ট জয় কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্ধ পৰ্বতাৰোহী এৰিক উইহেনমায়াৰক দেখি অনুপ্ৰাণিত হৈছিল ঝৃ হাং।

ঝাং হঙে নেপালৰ পৰা মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল।২৪ মে'ত ঝাঙে ৮,৮৪৯ মিটাৰ ওখ এভাৰেষ্টত থিয় হৈছিল আৰু ২৭ মে' বৃহস্পতিবাৰে বেচকেম্পলৈ উভতি আহিছিল।

এভাৰেষ্ট জয় কৰি ঝঙে কয় যে,"আপোনাৰ যদি দৃঢ় মনোবল থাকে তেতিয়াহ’লে আপুনি সকলো সময়তে সেই কাম কৰিব পাৰিব। আপুনি প্ৰতিবন্ধী নে স্বাভাৱিক, দৃষ্টিশক্তিহীন বা হাত কিম্বা ভৰি নাই সেইবিলাক কোনো কথাই নহয়।অইনে ভাৱিব পাৰে যে আপুনি সেই কামটো কৰিব নোৱাৰে।"

Cartoon
View Older

 

August 15, 2022


Entertainment
View Older


From Our Archive

Create Account