সোণাৰি , ৩০ মে' : সোণাৰি নগৰৰ মাজমজিয়াত অৱস্থিত এখন ঐতিহাসিক খেলপথাৰ উপযুক্ত সংৰক্ষণৰ অভাৱত ক্ৰমাৎ ধ্বংসৰ দিশত গতি কৰিছে। চৰাইদেউ জিলাৰ ভিতৰত অন্যতম প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান সোণাৰি ভগৱতি প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ খন অত্যাধিক ৰাজহুৱা সভা সমিতি আৰু অন্যান্য অনুষ্ঠান আদিৰ বাবে ব্যৱহাৰ হৈ থকাৰ ফলত ইতিমধ্যে খেলাধূলা অনুষ্ঠিত কৰাৰ অনুপযোগী হৈ পৰিছে।
উল্লেখযোগ্য যে ইতিমধ্যে শতবৰ্ষ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত বিদ্যালয় খনৰ খেলপথাৰখন পূৰ্বে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে খেলাধূলা উপৰিও এন চি চি আদিৰ অনুশীলন কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল। ইয়াৰ সমান্তৰাল ভাৱে খেলপথাৰ খনত বাৰ মাহেই আন্তঃ জিলা, আন্তঃ ক্লাৱ, আন্তঃ বিদ্যালয়, আন্তঃ কাৰ্যালয় আদি বিভিন্ন পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। সেই সময়ত বিদ্যালয় কতৃপক্ষই বছৰটোৰ বাৰ মাহ খেলপথাৰ খন খেলাধূলাৰ বাবে উপযুক্ত কৰি ৰাখিছিল। খেলপথাৰখনত গজা হাবি বন মানুহ লগোৱাই অথবা মাজে সময়ে ছাত্ৰ ছাত্ৰী সকলৰ হতুৱাই কৰ্ম অভিজ্ঞতাৰ শ্ৰেণী হিচাপে পৰিস্কাৰ কৰি ৰাখিছিল। ইয়াৰ উপৰিও খেলপঠাখনৰ চাৰিও কাষে বৰষুণৰ পানী ওলাই যাব পৰাকৈ থকা আহল বহল নলা নিয়মীয়াকৈ চাফা চিকুনাই ৰখা হৈছিল।
কিন্তু বিগত সময়চোৱাত আদৰ্শ বিদ্যালয়ৰ স্বীকৃতি পোৱা শিক্ষানুষ্ঠানখনৰ খেলপথাৰৰ কেওফালে অপৰিকল্পিত ভাবে চলা ব্যক্তিগত নিৰ্মাণ কাৰ্যৰ ফলত ইয়াৰ কাষৰ নলা সমূহ বন্ধ হৈ পৰাৰ ফলত বৰ্তমান ইয়াৰ পৰা বৰষুণৰ পানী ওলাই যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। সামান্য এজাক বৰষুণ দিলেই খেলপথাৰখন পানীৰে উপচি পৰে। ইয়াৰ ফলত বাৰিষাৰ দিনকেইটা খেলপথাৰখন খেলাধূলাৰ অনুপযোগী হৈ পৰে।
সোণাৰি তথা চৰাইদেউ জিলাৰ বহু কৃতি খেলুৱৈৰ সৃষ্টি কৰাৰ উপৰিও বিভিন্ন ঐতিহাসিক ঘটনা প্ৰবাহৰ জীৱন্ত সাক্ষী এই খেলপথাৰখনৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে শেহতীয়াকৈ স্থানীয় সচেতন মহলে দাবী উত্থাপন কৰিছে। যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ তথা সোণাৰি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক খেলপথাৰ খনৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি পুনৰ খেলৰ উপযোগী কৰি তুলিবলৈ সোণাৰিৰ সচেতন মহলে আহ্বান জনাইছে।
Comments