Classifieds
View All
গুৱাহাটী,৩০ মে':মেঘালয় চৰকাৰে পূব খাচী পাহাৰ জিলাত আৰোপ কৰা লকডাউন আৰু এসপ্তাহলৈ বৃদ্ধি কৰা হৈছে। উপ মুখ্যমন্ত্ৰী প্ৰেষ্টনে টিনচঙে অপৰিৱৰ্তিত ক'ভিড পৰিস্থিতিৰ বাবে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে।
এই লকডাউন ৰাজ্যৰ ৰাজধানীতো কাৰ্যকৰী হ'ব।
টিনচঙে কয়, "পূব খাচী পাহাৰ জিলাত লকডাউন ৩১ মে'ৰ পৰা ৭ জুনৰ পুৱা ৫ বজালৈকে অব্যাহত থাকিব।"
জিলাখনত প্ৰথমে ৫ মে'ত লকডাউন জাৰি কৰা হৈছিল। টিনচঙে অৱশ্যে জনাইছিল যে বৰ্ধিত লকডাউনৰ সময়ত কিছু শিথিলতা থাকিব।
Comments
এমাহৰ পাছত ৰিতুল শইকীয়া পৰিয়ালৰ কাষত
Published on May 23, 2021|News Source : জনমভূমি
উল্লেখযোগ্য যে যোৱা ২১ এপ্রিলৰ নিশা প্রায় ১-৩০ বজাত দুজন সতীর্থৰ সৈতে ৰিতুল শইকীয়াক আলফা আৰু এন এছ চি এনৰ সদস্যই লাকুৱাৰ তৈল ক্ষেত্রৰ পৰা অপহৰণ কৰি নিছিল৷ সতীর্থ মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ সৈতে অপহৰণ কৰা ৰিতুল শইকীয়াক তিনি দিনৰ পূর্বে আলফাই মুক্তি দিছিল৷ অৱশ্যে তেওঁক এই কথা অৱগত কৰা হোৱা নাছিল বুলি আজি তেওঁ ব্যক্ত কৰে৷
আজি ভাৰত-ম্যানমাৰ সীমান্তত তেওঁক আলফাই মুক্তি দিয়ে৷ সীমান্তৰ লংৱা নামৰ ঠাইত পুৱা প্রায় ৭-১০ বজাত উপস্থিত হোৱাৰ পাছত তাত আগৰে পৰা অপেক্ষা কৰি থকা অসম আৰক্ষী, নগালেণ্ড আৰক্ষীৰ এটা দলৰ লগতে সাংবাদিকৰ দলে তেওঁক খোজকাঢ়ি আহি থকা দেখিবলৈ পায়৷ লগে লগে তেওঁক আৰক্ষীৰ দলে আগবঢ়াই আনে৷ তেওঁক আনিবৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত অসম আৰক্ষীৰ দলটো গৈছিল৷ সোণাৰি থানাত শইকীয়াক তেওঁৰ পত্নীয়ে লগ পায়৷ পত্নী শতাব্দী তেওঁলোকৰ সন্তানটিক লৈ পৰিয়ালৰ আন লোকৰ সৈতে বৰহোলাৰ পৰা সোণাৰিলৈ যায়৷
ফালে আৰক্ষীয়ে ৰিতুল শইকীয়াক লৈ নগালেণ্ডৰ মন জিলাৰ আৰক্ষী থানা আৰু টিজিটৰ অসম ৰাইফলছৰ শিবিৰত যাৱতীয় প্রক্রিয়া সম্পন্ন কৰি অসমলৈ লৈ আনে৷ ২১ এপ্রিলত তিনিওজন অ’ এন জি চিৰ কর্মচাৰীকে অপহৰণ কৰি ম্যানমাৰলৈ লৈ গৈ থকা অৱস্থাত দুদিন পাছত অসম ৰাইফলছ আৰু নগালেণ্ড আৰক্ষীৰ যুটীয়া দলৰ সৈতে ম্যানমাৰ সীমান্তত আলফাৰ দলটোৰ সৈতে সংঘর্ষ লাগে৷ সেই সংঘর্ষত নিৰাপত্তাৰক্ষীয়ে ৰিতুল শইকীয়াৰ দুজন সতীর্থক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কিন্তু আলফা সদস্যই তেওঁক গুলীয়াগুলীৰ মাজেৰেই লৈ যাবলৈ সক্ষম হয়৷
কিন্তু প্রায় এমাহপর্যন্ত আলফাই তেওঁক অপহৰণ কৰাৰ কথা স্বীকাৰ কৰা নাছিল৷ ইফালে, মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰাৰ কেইদিনমানৰ পাছতে মাজুলীলৈ যোৱা মুখ্যমন্ত্রীজনক ৰিতুলৰ পৰিয়ালে সাক্ষাৎ কৰি সহায় বিচাৰে৷ তাৰ পাছতে যোৱা ১৮ মে’ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত হৈ তেওঁক উদ্ধাৰৰ সকলো ব্যৱস্থা গ্রহণ কৰাৰ প্রতিশ্রুতি দিয়ে৷ একেদিনাই আলফাৰ (স্বাঃ) সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰিতুল শইকীয়া তেওঁলোকৰ জিম্মাত ম্যানমাৰত সুৰক্ষিত অৱস্থাত থকা বুলি প্রথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰে৷
লগতে তেওঁক শীঘ্রে মুক্তি দিয়া হ’ব বুলিও সদৰী কৰে৷ আনহাতে, আলফাই ১৪ মে’ত অইল ইণ্ডিয়া আৰু অ’ এন জি চিকে ধৰি তেল কোম্পানীসমূহে অসমৰ পৰা নিয়া খাৰুৱা তেলৰ বিনিময়ত অসমে লাভ কৰা ধনৰ হিচাপ, নিবনুৱাৰ সংস্থাপনসহ মুঠ ৭টা দাবী কৰে৷ তাৰ পাছদিনাই আলফাই তিনি মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে৷ অপহূত ৰিতুল শইকীয়াৰ ঘৰলৈ যোৱাৰ পাছত গুৱাহাটীত এখন সংবাদমেল পাতি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই যোৱা ২০ মে’ত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অ’ এন জি চিৰ কর্মচাৰীজনক মুক্তি দিবলৈ বিনম্রভাৱে আহবান জনোৱাৰ লগতে অসমৰ খাৰুৱা সম্পদ নিয়াৰ বাবত অসমে লাভ কৰা ধনৰ হিচাপ দাখিল কৰে৷
লগতে অইল বা অ’ এন জি চিক দিয়া বাকীকেইটা দাবী পূৰণৰ দায়িত্ব নিজে কান্ধ পাতি লয়৷ তদুপৰি আলফাক আলোচনাৰ মেজলৈ আগবাঢ়ি আহিবৰ বাবেও তেওঁ আহবান জনায়৷ তেওঁৰ সংবাদমেলৰ পাছতে তাৎক্ষণিকভাৱে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমক এশ ঘণ্টাৰ ভিতৰত অপহূত ৰিতুল শইকীয়া নিজ ঘৰত উপস্থিত হ’ব বুলি ঘোষণা কৰে৷ অৱশেষত নিজৰ প্রতিশ্রুতি ৰক্ষা কৰি আজি আলফাই ৰিতুল শইকীয়াক ভাৰত-ম্যানমাৰ সীমান্তত মুক্তি দিয়ে৷
তেওঁক মুক্তি দিয়াৰ কথা কালিয়েই সংবাদ মাধ্যমকে ধৰি বিশেষ স্থানত অৱগত কৰা হৈছিল৷ সেই অনুসৰি আৰক্ষী আৰু সংবাদকর্মীৰ এটা দল কালিয়েই নির্ধাৰিত স্থানলৈ গৈছিল ৰিতুল শইকীয়াক আনিবৰ বাবে৷ আনহাতে, আজি অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্তই ৰিতুল শইকীয়াৰ মুক্তিৰ ক্ষেত্রত অসম আৰক্ষীৰ কিঞ্চিতো ভূমিকা নাই বুলি স্পষ্ট কৰে৷ তেওঁ ইয়াৰ সম্পূর্ণ স্বীকৃতি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ বুলি প্রকাশ কৰি মুখ্যমন্ত্রীজনে সঁচা অন্তৰেৰে কৰা আহবানৰ বাবে ৰিতুল শইকীয়াৰ মুক্তি সম্ভৱ হ’ল বুলি কয়৷