বৰপেটা ঃ বিশেষ সংবাদদাতা, ৩০ মে’ ঃ ৰাজ্যৰ কৃষি অর্থনীতিত বৰপেটা জিলাৰ কৃষকসকলে উল্লেখযোগ্য ভূমিকা গ্রহণ কৰি আহিছে৷ প্রতিবছৰে কঠোৰ শ্রম আৰু অর্থ ব্যয় কৰি বিভিন্ন শস্যৰ লগতে সেউজীয়া শাক-পাচলি পর্যাপ্ত পৰিমাণে উৎপাদন কৰি আহিছে যদিও এই সামগ্রীসমূহৰ উপযুক্ত মূল্যৰ পৰা আজিও বঞ্চিত হৈ আহিছে৷
বিগত বর্ষতো বৰপেটাৰ কৃষকসকলে আলু, ৰঙালাও কোমোৰা, জিকা, ভেণ্ডি, তিয়ঁহ, আদি পাচলি পর্যাপ্ত পৰিমাণে উৎপাদন কৰিছিল যদিও লকডাউনৰ বাবে পানীৰ দামত বিক্রী কৰিবলগীয়া এই পাচলিসমূহ৷ বিগত বর্ষত হোৱা লোকচানৰ জোৰা মাৰিবলৈ এইবাৰো কৃষকসকলে বিভিন্নধৰণৰ শাক-পাচলি খেতি কৰিছিল৷ কিন্তু ৰাজ্যত সৃষ্টি হোৱা কভিড-সৃষ্ট পৰিস্থিতিৰ বাবে দিয়া অর্ধ লকডাউন আৰু আন্তঃজিলা যাতায়াত বন্ধৰ ফলত কৃষকসকলে উৎপাদিত পাচলি বিক্রী কৰিব নোৱাৰি মূৰে-কপালে হাত দিবলগীয়া হৈছে৷
শেহতীয়াভাৱে বৰপেটা জিলা প্রশাসন আৰু জিলা কৃষি বিভাগে এই কৃষকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ উপায়ুক্তৰ নির্দেশমর্মে জিলা কৃষি বিভাগে যোৱা ২৬ মে’ৰ পৰা বৰপেটাৰ কৃষকসকলৰ উৎপাদিত শাক-পাচলি আৰু ফল-মূল ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ লগতে বহিঃৰাজ্যলৈও প্রেৰণ কৰি বিক্রীৰ ব্যৱস্থা কৰিছে৷ ইতিমধ্যে প্রশাসনে জিলাখনৰ কৃষকসকলৰ উৎপাদিত শাক-পাচলি বিক্রীৰ বাবে ১২খন ভেণ্ডৰক প্রয়োজনীয় অনুজ্ঞা-পত্র আৰু আন্তঃজিলা যাতায়াতৰ অনুমোদনৰ ব্যৱস্থা কৰি দিয়ে৷
জিলা কৃষি বিষয়া অৰুণ চন্দ্র হাজৰিকাই জনোৱা অনুসৰি, প্রথম অৱস্থাত গুৱাহাটীৰ বজাৰত এই শাক-পাচলি আৰু ফল-মূল বিক্রী কৰা হৈছিল যদিও পাছলৈ চাহিদা অনুসৰি ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ লগতে বহিঃৰাজ্য মেঘালয়লৈ বিক্রীৰ বাবে প্রেৰণ কৰা হৈছে ৷ যোৱা ২৬ মে’ত বৰপেটাৰ পৰা ৩২৫০ কুইণ্টল সেউজীয়া শাক-পাচলি গুৱাহাটীৰ বজাৰত বিক্রীৰ বাবে প্রেৰণ কৰা হৈছিল৷ বিভাগটোৱে জনোৱা মতে, ২৭ মে’ত ২৭ কুইণ্টল সেউজীয়া শাক-পাচলি ২০২০টা নেমুটেঙা, ২৮ মে’ত ৪৪ কুইণ্টল সেউজীয়া শাক-পাচলি আৰু ৪০ কুইণ্টল তৰমুজ, ২৯ মে’ত ১২০ কুইণ্টল সেউজীয়া শাক-পাচলি বিক্রীৰ বাবে প্রেৰণ কৰা হৈছে৷
উল্লেখযোগ্য যে অইন বছৰৰ দৰে এইবাৰো জিলাখনত আলু, ৰঙালাও, বেঙেনা, জিকা, ভোল, কোমোৰা, ভাতকেৰেলা, তিতাকেৰেলা, কেঁচা জলকীয়া, তৰমুজ আদি প্রচুৰ পৰিমাণে উৎপাদন হৈছে৷ কিন্তু উপযুক্ত বজাৰৰ অভাৱত বিক্রী কৰাত সমস্যাৰ সৃষ্টি হৈছিল৷ সেয়ে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে এনে ব্যৱস্থা অব্যাহত ৰাখিবলৈ প্রশাসনক আহবান জনাইছে জিলাখনৰ কৃষকসকলে৷তৰমুজসমূহ বিক্রীৰ বাবে পঠিয়ায় যদিও সম্প্রতি কভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত তৰমুজসমূহ ছিঙিবলৈ সাহস নকৰাৰ ফলত খেতিপথাৰতে গলিবলৈ ধৰিছে৷
একমাত্র কৃষিৰ ওপৰতেই নির্ভৰ কৰি জীৱন-জীৱিকা পৰিচালনা কৰা এইসকল কৃষকৰ জীৱনলৈ কভিড পৰিস্থিতিয়ে আনি দিয়া ঘনঘোৰ অন্ধকাৰৰ বাবে এক হাহাকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ সেয়ে হাট-বজাৰ অবিহনে এতিয়া নিজৰ উৎপাদিত সামগ্রী বিক্রী কৰিব নোৱাৰি লোকচানৰ সন্মুখীন হোৱা কৃষকসকলৰ প্রতি চৰকাৰে গুৰুত্ব প্রদান কৰি আর্থিক সাহায্য দিয়াৰ ব্যৱস্থা গ্রহণ কৰক৷ অন্যথা কৃষকসকলৰ জীৱন অনাগত সময়ত আৰু অধিক অনিশ্চয়তাৰপিনে গতি কৰিব৷
Comments