Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5766

মেঘালয় ক'ভিড সবিশেষ: ৭৪২ জন আক্রান্ত, ১৩ জনৰ মৃত্যু


Published on May 31, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

২৪ ঘণ্টাত ৩২৪৫জন আক্রান্ত, ৫৫জনৰ মৃত্যু


Published on May 31, 2021|News Source : জনমভূমি

গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৩০ মে’ ঃ ৰাজ্যত কৰ’নাৰ সংক্রমণ যথেষ্ট নিয়ন্ত্রণলৈ আহিছে৷ চৰকাৰে কঠোৰ কভিড বিধি জাৰি কৰাৰ পাছত লাহে লাহে সংক্রমণ হ্রাস পাবলৈ ধৰিছে৷ ৰাজ্যৰ সর্বাধিক সংক্রমণ হোৱা কামৰূপ মহানগৰ জিলাত সম্প্রতি সংক্রমণ পূর্বৰ এক তৃতীয়াংশলৈ হ্রাস পাইছে৷ আনহাতে এতিয়াও ৰাজ্যত মৃত্যুৰ হাৰ প্রায় অপৰিৱর্তিত আছে৷ লক্ষণীয় যে ৰাজ্যত সম্প্রতি কৰ’নাত আক্রান্ত হৈ প্রায় ৫৫ হাজাৰ লোক চিকিৎসাধীন হৈ আছে৷

কিন্তু যোৱা ৫ দিন ৰাজ্যত আক্রান্তৰ সংখ্যা ৫-৬ হাজাৰৰ ঘৰত আছে৷ আনহাতে যোৱা ৩ দিন ধৰি ৰাজ্যত সংক্রমণৰ হাৰ ৫ শতাংশৰ তলতে আবদ্ধ আছে৷ অৱশ্যে যোৱা পাঁচ দিনধৰি আক্রান্তৰ সংখ্যা ৫-৬ হাজাৰৰ ঘৰত আছে৷ ইফালে ৰাজ্যৰ সর্বাধিক আক্রান্ত হোৱা জিলা কামৰূপ মহানগৰ জিলাত ক্রমাৎ সংক্রমণ হ্রাস পালেও অন্য জিলাসমূহত সংক্রমণ প্রায় অপৰিৱর্তিত আছে৷ জি এম চি এইচৰ অধ্যক্ষ অচু্যৎ বৈশ্যই আজি সদৰী কৰে যে কামৰূপ মহানগৰ জিলাত সংক্রমণৰ হাৰ পূর্বৰ এক তৃতীয়াংশলৈ হ্রাস পাইছে৷

যোৱা ৩ মে’ত জিলাখনত সর্বাধিক ১৬৪৫জন লোক আক্রান্ত হৈছিল৷ কিন্তু যোৱা ২০ মে’ৰ পৰা জিলাখনত দৈনিক আক্রান্তৰ সংখ্যা ১০০০জনৰ তললৈ আহে৷ কালি জিলাখনত ৫৮০জন লোক আক্রান্ত হয়৷ ইফালে সংক্রমণ হ্রাস পালেও সজাগতাৰ অভাৱৰ বাবে ৰাজ্যত মৃত্যুৰ হাৰৰ পৰিৱর্তন ঘটা নাই বুলি তেওঁ সদৰী কৰে৷ তেওঁ কয় যে এইপর্যন্ত মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৫০ শতাংশ লোকেই সময়মতে চিকিৎসা লাভ নকৰাৰ বাবে মৃত্যুমুখত পৰিছে৷ চিকিৎসাধীন হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁলোকৰ মৃত্যু হৈছিল৷

চিকিৎসাধীন কৰাৰ সময়ত তেওঁলোকৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবেই এনে হয় আৰু এয়া সজাগতাৰ অভাৱৰ বাবে হোৱা বুলি তেওঁ সদৰী কৰে৷ আনহাতে কভিড পৰিস্থিতিৰ পর্যালোচনা কৰি স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই ৰাজ্যত পৰিস্থিতি উন্নত নহ’লে সান্ধ্য আইন বৃদ্ধি কৰাৰ সম্ভাৱনা থকা বুলি সদৰী কৰে৷

প্রণিধানযোগ্য যে কালি ৰাজ্যত মুঠ ৫৬১৩জন লোক আক্রান্ত হৈছিল৷ সংক্রমণৰ হাৰ কালি আছিল ৪.৮২ শতাংশ৷ আনহাতে কালিৰ দিনটোত ৰাজ্যত কৰ’না হৈ ৭৭জন লোকৰ মৃত্যু হৈছিল৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৩২৪৫জন লোক আক্রান্ত হয়৷ আজি ৰাজ্যত সংক্রমণৰ হাৰ আছিল ৪.৫৩ শতাংশ৷ আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৫৫জন লোকৰ মৃত্যু হয়৷ কামৰূপ মহানগৰ জিলাত আজি মুঠ ৪২২জন লোক নতুনকৈ আক্রান্ত হয়৷

 


Published on January 1, 1970|News Source :
Cartoon
View Older

 

August 3, 2021


Entertainment
View Older


From Our Archive

Create Account