গুৱাহাটী, ৩১ মে': ত্ৰিপুৰাৰ খোৱাই জিলাত বৃহৎ পৰিমাণৰ নিষিদ্ধ কাহৰ ঔষধ ফেনচেডাইলৰ বটল জব্দ কৰা হয়। মুংগিয়াকামি আৰক্ষীৰ দ্বাৰা বাহনসমূহৰ নিয়মীয়া তালাচীৰ সময়ত প্ৰায় ১৪,০০০ নিষিদ্ধ ফেনচেডাইলৰ বটল উদ্ধাৰ কৰা হয়।
ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছ (টিএছআৰ) জোৱান আৰু ত্ৰিপুৰা আৰক্ষীৰ এটা যুটীয়া দলে তালাচী চলাই উক্ত নিষিদ্ধ ফেনচেডাইলৰ বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিষিদ্ধ কাহৰ ঔষধখিনিৰ আনুমানিক বজাৰ মূল্য হৈছে ২৬ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে জনোৱা অনুসৰি, এ.এছ.০১.ডিচি-১৩১৫ নম্বৰৰ এখন ট্ৰাক আম্বাছাৰ পৰা আগৰতলা অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে নিয়মীয়াভাৱে তালাচী কৰা সময়ত ট্ৰাক খনৰ পৰা এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ফেনচেডাইলৰ বটলখিনি উদ্ধাৰ কৰে। ফেনচেডাইলৰ বটলবোৰ কেইবাটাও কাৰ্টন বাকচত বান্ধি লৈ অনা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিষিদ্ধ ফেনচেডাইলৰ বটলখিনিৰ সৈতে মানিক চৰকাৰ নামৰ ধৃত ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰে। ধৃত মানিকক ৩১মে' অৰ্থাৎ আজি আদালতত হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Comments