Choose Language

  • All  
  • English
  • অসমীয়া

‘'পেটা'’ই ১০ কোটি লোকৰ জীৱিকা ধ্বংস কৰিব বিচাৰিছে, নিষিদ্ধ কৰক ‘পেটা'’ক’


Published on June 2, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

এতিয়াৰে পৰা চিকিৎসকৰ নোম এডালৰ ক্ষতি কৰিলেও কথা বিষম হ'ব:স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত


Published on June 2, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ২ জুন:লংকা থানাৰ অন্তৰ্গত ফুলতলীৰ মডেল হাস্পতালত স্থাপন কৰা ক'ভিড চিকিৎসালয়ত এজন ৰোগীৰ মৃত্যুৰ ঘটনাক লৈ উত্তেজিত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত চিকিৎসালয়খনৰ চিকিৎসক ডাঃ সেউজ সেনাপতি তথা নাৰ্ছক অতি নিৰ্দয়ভাৱে প্ৰহাৰৰ কৰা ঘটনাত জড়িত ২৪জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ক'ভিড চেন্টাৰত ৰোগীৰ মৃত্যুৰ ঘটনাৰ পাছত আত্মীয়ই বাঁহৰ লাঠীলৈ বন্ধু-বান্ধৱসহ সংৰক্ষিত এলেকাত প্ৰৱেশ কৰি কিদৰে এনেকৈ তাণ্ডৱ চলাব পাৰিলে তাক লৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মঙলবাৰে নিশা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ হোজাইৰ বৰ্বৰোচিত ঘটনাৰ বলি হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসকগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

আহত চিকিৎসকগৰাকীক প্ৰত্যক্ষ কৰাৰ পিছত ক্ষোভিত হৈ পৰা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক কয়, "এতিয়াৰে পৰা চিকিৎসকৰ নোম এডালৰ ক্ষতি কৰিলেও কথা বিষম হ'ব।এনে জঘন্য কাৰ্য কোনো কাৰণতে সহ্য কৰা ন'হব।আজি ৰাতিৰ ভিতৰতে ইয়াৰ ৰিজাল্ট পাব।ঘটনাত জড়িত সকলোকে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহা হ'ব।"

Cartoon
View Older

 

January 22, 2022


Entertainment
View Older


From Our Archive

Create Account