গুৱাহাটী,১ জুন: মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ কয়লাখনিত ডিনামাইট বিস্ফোৰণৰ ফলত অসমৰ ৪ জন যুৱকৰ লগতে ত্ৰিপুৰাৰ ১জন যুৱক ভিতৰত আৱদ্ধ হৈ পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনা অনুসৰি খনন কৰ্মত নিয়োজিত হৈ থকা শ্রমিক কেইজনে বিস্ফোৰণ কৰি কয়লা খান্দি উলিওৱাৰ সময়ত হঠাৎ পাহাৰৰ ভিতৰলৈ পানী বৈ আহে ফলত শ্ৰমিক কেইজন উপায় বিহীন হৈ ভিতৰতে আৱদ্ধ হৈ থাকিবলগীয়া হয়।
পূৱ জয়ন্তীয়া আৰক্ষীয়ে শ্ৰমিক কেইজনৰ পৰিচয় জানিব পাৰিছে। শ্ৰমিক কেইজন ক্ৰমে, বকোৰ আব্দুল কৰিম, বৰপেটাৰ আব্দুল কালাম, ত্ৰিপুৰাৰ শ্যামচৰণ দেববৰ্মা আৰু আন দুজন শিলচৰৰ। বিস্ফোৰণ কৰা শ্ৰমিক জন নিজাম আলী বুলি চিনাক্ত কৰা হৈছে। নিজামে আন শ্ৰমিক সকলক ঘটনাস্থলীৰ পৰা উলিয়াই পঠোৱাৰ চেষ্টা কৰিছিল।
ইফালে, আৰক্ষীয়ে কয়লা খনিৰ মালিকৰ ভায়েকক গ্ৰেপ্তাৰ কৰিছে আৰু ৰেপিড এণ্টিজেন পৰীক্ষা চলাইছে য'ত তেওঁ ক'ভিড-১৯ পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত হোৱাত পৃথককৈ ৰখা হৈছে।
আনহাতে আৰক্ষীয়ে আজি পৰিস্থিতিৰ বুজ ল’বলৈ পানীত ব্যৱহাৰ কৰা কেমেৰাৰে ঘটনাস্থলী পৰ্যবেক্ষণ কৰিব। ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ জানুৱাৰী মাহত জয়ন্তীয়া পাহাৰৰ কয়লা খনিত অসমৰ ৬ জন শ্ৰমিক মৃত্যুমুখত পৰিছিল। শ্ৰমিক কেইজনে এটা সুৰংগ খনন কৰি থাকোঁতে ব্যৱহাৰ কৰি থকা যন্ত্ৰটো ভাঙি যোৱাৰ পিছত ১৫০ ফুট গভীৰতালৈ সোমাই পৰিছিল।
Comments
সোণালীৰ গৌৰৱ বর্ষত দৈনিক জনমভূমি
Published on June 1, 2021|News Source : জনমভূমি
দৰাচলতে ক’বলৈ গ’লে হাতত বিশেষ কোনো মূলধন নোহোৱাকৈ পাঁচটা দশকৰ পূর্বে জনকল্যাণক অন্যতম প্রধান লক্ষ্য হিচাপে লৈ জননায়ক দেৱেশ্বৰ শর্মা আৰু তেওঁৰ সুযোগ্য ভাতৃ কর্মযোগী কনক চন্দ্র শর্মাই দৈনিক বাতৰি কাকত এখন প্রকাশ কৰাটো প্রকৃততেই আছিল এক দুঃসাহস৷
উল্লেখযোগ্য যে বিৰাল্লিছৰ গণ বিপ্লৱত নিৰাপত্তা বন্দী হৈ থাকি জননায়ক দেৱেশ্বৰ শর্মা ১৯৪৫ চনৰ শেষৰ ফালে যোৰহাট জে’লৰ পৰা ওলাই আহি অসমত এখন জাতীয়তাবাদী বাতৰি কাকত প্রকাশ কৰাৰ বিষয়ে (প্রয়াত) ত্রৈলোক্য নাথ শর্মাৰ সৈতে কেইবালানি আলোচনা কৰাৰ অন্তত ১৯৪৭ চনৰ ১০ মার্চত ‘জনমভূমি’ (সাপ্তাহিক) প্রকাশ কৰে আৰু বর্তমানো প্রকাশ হৈ থকা ৰাজ্যৰ সবাতোকৈ পুৰণি সাপ্তাহিক কাকত ৰূপে ৭৫ বছৰীয়া ঐতিহ্যৰ সংবাহক হৈ প্রকাশ হৈ আছে৷ ‘জনমভূমি’ প্রকাশৰ সুদীর্ঘ ২৫ বছৰৰ পাছত শর্মা ভাতৃদ্বয়ে ‘দৈনিক জনমভূমি’ ৰাইজৰ সেৱাত উছর্গা কৰে৷
১৯৭২ চনৰ ১ জুনত প্রকাশ আৰম্ভ হোৱা ‘দৈনিক জনমভূমি’ৰ উদ্বোধনী সভাখন হৈছিল নেহৰু পার্কত অৱস্থিত (এতিয়া তুলসী নাৰায়ণ শর্মা পথ) শর্মা পৰিয়ালৰ বাসভৱনৰ আগচোতালত৷ সভাখনত সভাপতিত্ব কৰিছিল অসমৰ প্রাক্তন মুখ্যমন্ত্রী মহেন্দ্র মোহন চৌধুৰীয়ে আৰু দৈনিক জনমভূমি উন্মোচন কৰিছিল সেই সময়ৰ মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহই৷ সভাখনত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰিছিল ‘দ্য আছাম ট্রিবিউন’ গোষ্ঠীৰ কাণ্ডাৰী, সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাই৷
আৰম্ভণিৰে পৰাই জাতীয়তাবাদী চিন্তা-চেতনাৰে সমৃদ্ধ ‘দৈনিক জনমভূমি’য়ে ভাষা আন্দোলন, তেল শোধনাগাৰ আন্দোলন আৰু অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত চলা ঐতিহাসিক অসম আন্দোলনত যি ভূমিকা গ্রহণ কৰিছিল সেই ভূমিকাৰ কথা অসমবাসীয়ে পাহৰিব নোৱাৰে৷ আন্দোলনৰ সময়ত চৰকাৰে অসমত ‘প্রি চেঞ্চৰশ্বিপ৲’ আৰোপ কৰি সংবাদ পত্রসমূহৰ মুখ বন্ধ কৰিবলৈ গভীৰ ষড়যন্ত্র কৰিছিল আৰু সেই সময়ৰ সম্পাদক প্রয়াত প্রফুল্ল বৰুৱা, মুদ্রক আৰু মহাপ্রবন্ধক শ্রী অৰুণ বৰঠাকুৰৰ বিৰুদ্ধে অসম চৰকাৰে বিভিন্ন গোচৰ তৰি অনেক হাৰাশাস্তি কৰিছিল৷
আনকি সম্পাদক প্রফুল্ল বৰুৱাক ১৯৮১ আৰু ১৯৮৩ চনত দুবাৰ গ্রেপ্তাৰো কৰিছিল৷ এনেদৰে ভিন্ন ঘাত-প্রতিঘাতৰ মাজেৰে জাতিৰ স্বার্থত জাতীয় দায়বদ্ধতাৰে ৰাইজৰ পক্ষত থাকি সেৱা আগবঢ়াই অহা ‘দৈনিক জনমভূমি’য়ে বিগত শতিকাৰ ৯০ দশকত নতুন ৰূপত প্রাণ পাই উঠিল ভিন্ন দিশত ছপা মাধ্যমত উন্নত প্রযুক্তিৰ প্রয়োগৰ জৰিয়তে৷ উল্লেখ কৰিব লাগিব যে নীতিগত কাৰণত অইল ইণ্ডিয়াৰ মুখ্য আৱাসিক কার্যবাহী বিষয়াৰ উচচ পদবী ত্যাগ কৰি ঘৰলৈ ঘূৰি অহাৰ পাছত দেৱেশ্বৰ শর্মাৰ জ্যেষ্ঠ পুত্র অজিত কুমাৰ শর্মা আৰু কিছুদিনৰ পাছত দ্বিতীয় পুত্র ডাঃ দেৱব্রত শর্মাৰ জ্যেষ্ঠ পুত্র সুব্রত শর্মাই প্রতিষ্ঠানটোৰ বিভিন্ন দায়িত্ব গ্রহণ কৰি আন্তঃগাঁথনি উন্নয়নৰ লগতে কাৰিকৰী দিশতো ব্যাপক পৰিৱর্তন আনিবলৈ সক্ষম হয়৷
এনে পৰিৱর্তনৰ মাজেৰেই ২০০১ চনৰ ১৫ মার্চত ‘দৈনিক জনমভূমি’ৰ গুৱাহাটী সংস্কৰণো আৰম্ভ হয়৷ অন্যহাতে, জনকল্যাণক মূল লক্ষ্য ৰূপে গ্রহণ কৰা ‘দৈনিক জনমভূমি’য়ে ৰাইজমেলৰ পৰা চিত্রাংকণ প্রতিযোগিতালৈ, প্রকৃতি দুযোর্গত দুর্গতসকলৰ বাবে সাহায্য আগবঢ়োৱাৰ পৰা আর্থিকভাৱে দুর্বল মেধাসম্পন্ন ছাত্র-ছাত্রীৰ বাবে আর্থিক সাহায্য, সাধাৰণ ৰুগীয়াৰ বাবে চিকিৎসালয় স্থাপনৰ বাবে ঘৰ-মাটি দান দিয়াকে ধৰি ভিন্ন দিশত সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে৷
প্রতিষ্ঠাপক শর্মা ভাতৃদ্বয়ৰ পিতৃ টংকেশ্বৰ শর্মাৰ নামেৰে গঠন কৰা ‘টংকেশ্বৰ শর্মা সোঁৱৰণ ন্যাস’ আৰু ‘জনমভূমি জনকল্যাণ’ এই দিশত বিশেষভাৱে উল্লেখযোগ্য৷ ইফালে ‘দৈনিক জনমভূমি’ৰ গুৱাহাটী সংস্কৰণ আৰম্ভ হোৱাৰ সময়ৰে পৰাই সুব্রত শর্মাৰ (পৰিচালন অংশীদাৰ) সহযোগী হ’ল নতুনত্বৰ সন্ধানত সৃষ্টিশীল মনৰ পৰিচয় দিব পৰা তেওঁৰ সহধর্মিণী বর্ণালী শর্মা৷ দুয়োৰে ইতিবাচক চিন্তাৰ প্রতিফলনত ২০০৪ চনৰ ১ মার্চত জন্ম হ’ল জনমভূমি জনকল্যাণৰ আৰু ২০০৫ চনৰ ১ জানুৱাৰীত জন্ম হ’ল ‘জনমভূমি জনকল্যাণ শৈক্ষিক ন্যাস’ৰ৷
ইতিমধ্যে এই ন্যাসে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীর্ণ হ’বৰ বাবে ৰাজ্যখনৰ ছাত্র-ছাত্রীক উৎসাহিত কৰাৰ লগতে দিহা-পৰামর্শ আগবঢ়াই আহিছে৷ তেনেদৰে ‘দৈনিক জনমভূমি’ৰ অন্যতম প্রতিষ্ঠাপক কনক চন্দ্র শর্মাৰ স্মৃতি ৰক্ষার্থে আৰু ভৱিষ্যতৰ সফল সাংবাদিক গঢ়াৰ লক্ষ্যৰে ‘দৈনিক জনমভূমি’ৰ সংবাদদাতাসকলৰ বাবে ১৯৯৩ চনত ‘কনক চন্দ্র শর্মা সোঁৱৰণী সাংবাদিক বঁটা’ প্রৱর্তন কৰা হয় আৰু ই বর্তমানেও অব্যাহত আছে৷ এনেদৰেই জাগ্রত প্রহৰীৰ দৰে সতর্ক হৈ থকা ‘দৈনিক জনমভূমি’য়ে বিগত সময়ত কেইবাজনো বলিষ্ঠ সম্পাদকৰ নেতৃত্বত জাতিৰ সেৱাত অৰিহণা আগবঢ়াবলৈ সমর্থ হৈছে৷
১৯৭২ চনৰ ১ জুনৰ প্রথম প্রকাশ কালৰ পৰা কেইমাহমান কনক চন্দ্র শর্মা নিজেই পৰিচালন সম্পাদকৰ দায়িত্বত আছিল৷ কিন্তু কেইমাহমানৰ পাছতে (১৯৭২ চনতে) প্রফুল্ল চন্দ্র বৰুৱাই সম্পাদকৰ দায়িত্ব গ্রহণ কৰে আৰু ১৯৮৬ চনলৈকে ১৪ বছৰ সেৱা আগবঢ়োৱাৰ পাছত ইস্তফা দিয়ে৷ ১৯৮৭ চনৰ পহিলা জানুৱাৰীৰ পৰা ১৯৮৯ চনলৈকে সম্পূর্ণ তিনি বছৰ পুনৰ কনক চন্দ্র শর্মা পৰিচালন সম্পাদকৰূপে থকাৰ পাছত ১৯৯০ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈকে যতীন্দ্র কুমাৰ বৰগোহাঞিয়ে সম্পাদকৰ দায়িত্ব বহন কৰে৷
১৯৯১ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈকে ধীৰেন্দ্র নাথ চক্রৱর্তীয়ে সম্পাদকৰ দায়িত্ব বহন কৰে৷ ১৯৯২ চনৰ ১ জানুৱাৰীৰ পৰা দেৱ কুমাৰ বৰা প্রথমে কার্যবাহী সম্পাদক আৰু পাছলৈ সম্পাদক হিচাপে ১৯৯৭ চনৰ ৩১ ডিচেম্বৰলৈকে ৬ বছৰ কার্যনির্বাহ কৰাৰ পাছত পদত্যাগ কৰে৷ সেই সময়ছোৱাতে কিছুদিন বিশিষ্ট বিজ্ঞানী ড০ যোগেন্দ্র নাথ বৰুৱা মুখ্য সম্পাদক হিচাপে আছিল৷ ১৯৯৮ চনৰ ১ জানুৱাৰীত হেমন্ত বর্মনে সম্পাদকৰূপে যোগদান কৰে৷ ২০০৩ চনৰ ১ জুনত অৰুণ কুমাৰ দাসক আৱাসিক সম্পাদক আৰু ২০০৯ চনত উৎপল বৰুৱাক কার্যবাহী সম্পাদকৰ দায়িত্ব দিয়ে৷
পৰৱর্তী সময়ত ২০১৭ চনৰ মার্চ মাহত উৎপল বৰুৱাই ‘দৈনিক জনমভূমি’ৰ সম্পাদকৰূপে দায়িত্বভাৰ গ্রহণ কৰে৷ এনেদৰেই ভিন্ন প্রত্যাহবানৰ মাজতো যাতায়াত-যোগাযোগৰ যথোপযুক্ত সা-সুবিধা নথকা সত্ত্বেও জনকল্যাণ তথা জাতিৰ প্রতি থকা দায়বদ্ধতাক সাৰোগত কৰি জননায়ক দেৱেশ্বৰ শর্মা আৰু কর্মযোগী কনক চন্দ্র শর্মাৰ নেতৃত্বত অংকুৰিত হোৱা ‘দৈনিক জনমভূমি’ৰ বীজে আজি অসমৰ ডেৰশ বছৰ অতিক্রম কৰা অসমৰ সংবাদ পত্রৰ ইতিহাসত এজোপা পৰিপূর্ণ বৃক্ষৰ দৰেই ৰাইজৰ আস্থাভাজন হ’বলৈ সমর্থ হৈছে৷