Choose Language

  • All  
  • English
  • অসমীয়া

ক'ভিড-১৯ ৰ ভাৰতীয় ষ্ট্ৰেইন বি.১.৬১৭.১ৰ নতুন নাম 'কাপ্পা'


Published on June 1, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

অন্ধ হৈও গঢ়িলে অভিলেখ:মাউণ্ট এভাৰেষ্ট জয়ী এছিয়াৰ প্ৰথমগৰাকী অন্ধ ব্যক্তি


Published on May 31, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৩১ মে':চীনৰ দৃষ্টিহীন ৪৬বছৰীয়া পৰ্বতাৰোহী ঝাং হাঙে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউন্ট এভাৰেষ্ট জয় কৰিলে।এই জয়েৰে তেওঁ এছিয়াৰ প্ৰথমজন মাউণ্ট এভাৰেষ্ট জয়ী অন্ধ ব্যক্তি হৈ উঠিল।তেওঁ এইক্ষেত্ৰত এছিয়াৰ প্ৰথম আৰু বিশ্বৰ ভিতৰত তৃতীয়গৰাকী অন্ধ পৰ্বতাৰোহী হিচাপে অভিলেখ গঢ়িলে।

ঝাং হং এভাৰেষ্ট জয় কৰা পৃথিৱীৰ তৃতীয়গৰাকী অন্ধ ব্যক্তি।ঝাঙৰ জন্ম চীনৰ দক্ষিণ-পশ্চিমৰ চাংকুয়াঙত হৈছিল।তেওঁ ২১ বছৰ বয়সত গ্লুকোমাৰ বাবে অন্ধ হৈছিল।২০০১ চনত এবাৰেষ্ট জয় কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্ধ পৰ্বতাৰোহী এৰিক উইহেনমায়াৰক দেখি অনুপ্ৰাণিত হৈছিল ঝৃ হাং।

ঝাং হঙে নেপালৰ পৰা মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল।২৪ মে'ত ঝাঙে ৮,৮৪৯ মিটাৰ ওখ এভাৰেষ্টত থিয় হৈছিল আৰু ২৭ মে' বৃহস্পতিবাৰে বেচকেম্পলৈ উভতি আহিছিল।

এভাৰেষ্ট জয় কৰি ঝঙে কয় যে,"আপোনাৰ যদি দৃঢ় মনোবল থাকে তেতিয়াহ’লে আপুনি সকলো সময়তে সেই কাম কৰিব পাৰিব। আপুনি প্ৰতিবন্ধী নে স্বাভাৱিক, দৃষ্টিশক্তিহীন বা হাত কিম্বা ভৰি নাই সেইবিলাক কোনো কথাই নহয়।অইনে ভাৱিব পাৰে যে আপুনি সেই কামটো কৰিব নোৱাৰে।"

মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত হিমন্ত বিশ্ব শৰ্মা


Published on May 31, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৩১ মে':মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে নতুন দিল্লীলৈ গৈছে হিমন্ত বিশ্ব শৰ্মা।নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক দেওবাৰে তেওঁৰ বাসভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা  অহা ৩ জুনলৈকে দিল্লীত থাকিব।

নতুন দিল্লীত থকা সময়ছোৱাত মুখ্যমন্ত্ৰী শৰ্মাই উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলা,কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু আন কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰি চৰকাৰে কোভিড-১৯ৰ কেনেদৰে মোকাবিলা কৰিছে সেই বিষয়ে অৱগত কৰিব।

মুখ্যমন্ত্ৰী শৰ্মাই কয়,"বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰো আৰু অসম চৰকাৰে কেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিজন দৃঢ়তাৰে আগবঢ়াই নিছে সেয়া অৱগত কৰো।মই নাড্ডাক অসমত বিজেপিয়ে কেনেকৈ কাম কৰি আছে সেই বিষয়ে জনাওঁ আৰু লগতে তেওঁৰ পৰামৰ্শ বিচাৰো।"

Ad
Cartoon
View Older

 

December 7, 2022




From Our Archive

Create Account