Classifieds
View All
গুৱাহাটী, ১ জুন: ক'ভিড-১৯ ৰ পৰা আৰোগ্য হৈ উঠা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালৰ নিশা স্বাস্থ্যৰ অৱনতি ঘটাত জৰুৰীকালীন ভাৱে নতুন দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত ভৰ্তি কৰোৱা হৈছে।
৬১ বছৰীয়া ৰমেশ পোখৰিয়াল ২১ এপ্ৰিলত ক'ৰনা ভাইৰাছত আক্ৰান্ত হৈছিল যদিও পৰৱৰ্তী সময়ত ক'ভিড-১৯ ৰ পৰা আৰোগ্য হয়।
বৰ্তমান শিক্ষা মন্ত্ৰী গৰাকীক নিশা হঠাৎ স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটাত ততাতৈয়াকৈ এইমছত ভৰ্তি কৰাই চিকিৎসা সেৱা আৰম্ভ কৰা হৈছে। মন্ত্ৰী গৰাকীৰ স্বাস্থ্য সন্দৰ্ভত অন্য কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা এইমছ কৰ্তৃপক্ষ বিৰত আছে।
Comments