Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6526

কন্যাৰ বিবাহত ক'ভিড নিয়ম উলংঘন কৰি ৰঙাঘৰৰ আলহী হ'ল বিজেপি বিধায়ক


Published on June 1, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

অৰুণাচল ক'ভিড সবিশেষ: ৩২২ জন নতুনকৈ সংক্ৰমিত, মুঠ আক্রান্তৰ সংখ্যা ২৭,২৭২ জনলৈ বৃদ্ধি


Published on June 1, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ১ জুন: অৰুণাচল প্ৰদেশত আজি ৩২২ জন লোক ক'ভিড-১৯ ত আক্রান্ত হোৱাৰ তথ্য পোৱা গৈছে।ইয়াকে লৈ ৰাজ্যখনৰ মুঠ আক্রান্তৰ সংখ্যা ২৭,২৭২ জনলৈ বৃদ্ধি পাইছে। আনহাতে ৰাজ্যিক ক'ভিড নিৰীক্ষণ বিষয়া ড০ লবচাং জাম্পাই কয় যে, "ৰাজ্যখনত বিগত ২৪ ঘন্টাত কোনা ধৰণৰ মৃত্যুৰ তথ্য পোৱা নাই, আৰু মৃত্যুৰ সংখ্যা ১১৫ ত অপৰিৱৰ্তিত হৈ আছে।"

অৰুণাচলৰ ৰাজধানী অঞ্চলত সৰ্বাধিক ৪৯ জন লোক নতুনকৈ ক'ভিড-১৯ত সংক্ৰমিত হৈছে, পশ্চিম কামেঙত ৩৭ জন আৰু চাংলাঙত ২৯ জন। আনহাতে যোৱাকালি ৰাজ্যখনত প্ৰায় ৩৫০ জন লোক ক'ভিড-১৯ ৰ পৰা আৰোগ্য হৈছে, যাৰ ফলত অৰুণাচলৰ মুঠ আৰোগ্যৰ হোৱা লোকৰ সংখ্যা ২৩,৪০২ জনলৈ বৃদ্ধি পাইছে। 

বৰ্তমান ৰাজ্যখনত ৩,৭৫৫ জন সক্ৰিয় ৰোগী চিকিৎসাধীন অৱস্থাত আছে।ৰাজধানীৰ কাষৰীয়া অঞ্চল সমূহত, (ইটানগৰ, নাহৰলগুন, নিৰজুলি আৰু বান্দৰদেৱা) সৰ্বাধিক ৬৬১ জন সক্ৰিয় ৰোগী আছে। তাৰ পিছত আছে টাৱাঙত ৪৩৩ জন আৰু চাংলাঙত ৪৩১ জন। ৰাজ্যখনত কভিড আৰোগ্য ৰোগীৰ হাৰ ৮৫.৮১ শতাংশ বুলি স্বাস্থ্য বিষয়া জাম্পাই জানিবলৈ দিয়ে।

ৰাজ্যখনত বৰ্তমানলৈ ৫.৮৫ লাখতকৈও অধিক কভিড পৰীক্ষা সম্পন্ন কৰা হৈছে। ইয়াৰে ভিতৰত বিগত ২৪ ঘন্টাত ৫,৫৫২ জন লোকৰ কভিড পৰীক্ষা কৰা হৈছিল। ৰাজ্যখনত পজিটিভ ৰোগীৰ হাৰ ৫.৭৯ শতাংশ হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে। 

আনহাতে ক'ভিড ভেকছিন সন্দৰ্ভত ৰাজ্যিক টীকাকৰণ বিষয়া ড০ ডিমং পাডুঙে কয় যে, "ৰাজ্যখনত বৰ্তমানলৈ মুঠ ৩,৪১,৮৩০ জন লোকক টীকাকৰণ কৰা হৈছে। ইফালে ক'ৰনা ভাইৰাছৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত, ৰাজ্য চৰকাৰে সাতখন জিলাত জুনলৈকে লকডাউন বৃদ্ধি কৰিছে।
 


Published on January 1, 1970|News Source :


Published on January 1, 1970|News Source :
Cartoon
View Older

 

November 30, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account