Cartoon
View Older
গুৱাহাটী,৩জুন:কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে দিয়ে দেশৰ শিক্ষক সকলৰ বাবে এটা সু-খবৰ। তেওঁ শেহতীয়াকৈ ঘোষণা কৰিছে যে চৰকাৰে শিক্ষক যোগ্যতা পৰীক্ষা;'টেট'ৰ প্ৰমানপত্ৰৰ বৈধতাৰ ম্যাদ ৭ বছৰৰ পৰা চিৰজীৱনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
তেওঁ লগতে কয় যে সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ টেট উত্তীৰ্ণই নিজৰ বৈধতা সমাপ্ত হোৱা প্ৰমানপত্ৰখনৰ পুনৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব।
ৰমেশ পোখৰিয়ালে কৈছিল যে শিক্ষকতাৰ জৰিয়তে নিজৰ কেৰিয়াৰ গঢ়িবলৈ ইচ্ছুক প্ৰাৰ্থীসকলৰ নিযুক্তিৰ সুযোগ বৃদ্ধি কৰাত এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব।
Comments
কভিডত অনাথ শিশুৰ বাবে ৰাজ্য চৰকাৰৰ আঁচনি
Published on May 30, 2021|News Source : জনমভূমি
কভিডত পিতৃহাৰা-মাতৃহাৰা হোৱা শিশুৰ পঢ়া-শুনাৰ ব্যয় হিচাপে এই ধন আগবঢ়োৱাৰ লগতে যিসকল শিশুক চোৱাচিতা কৰিবলৈ আত্মীয় নাই, তেনে শিশুক আৱাসিক বিদ্যালয় বা হোষ্টেলত ৰাখি চৰকাৰে পঢ়া-শুনাৰ ব্যৱস্থা কৰিব৷ আৱাসিক বিদ্যালয় বা হোষ্টেলত ৰাখি পঢ়া-শুনাৰ ব্যৱস্থা কৰা শিশুসকলৰ ৩,৫০০ টকাৰ আর্থিক সাহায্য আগবঢ়োৱা নহ’ব৷ অর্থাৎ ঘৰত থাকি পঢ়া-শুনা কৰা শিশুসকলেহে আর্থিক সাহায্য লাভ কৰিব৷ শিক্ষা জীৱন সামৰি কর্ম জীৱন আৰম্ভ নকৰা পর্যন্ত এই আর্থিক সাহায্য চৰকাৰে আগবঢ়াই আহিব৷
আনহাতে হোষ্টেল বা আৱাসিক বিদ্যালয়ত থকা শিশুসকলৰ শিক্ষা জীৱন অতিবাহিত হোৱাৰ পাছত বৃত্তিমূলক শিক্ষাৰ জৰিয়তে দক্ষ কৰি তোলাৰ দায়িত্বও চৰকাৰে ল’ব৷ গোৱালপাৰা সৈনিক বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয়, কস্তুৰবা গান্ধী বিদ্যালয় আদিত অনাথ শিশুসকলৰ চৰকাৰী খৰচত পঢ়া-শুনাৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে৷ সমান্তৰালকৈ এই শিশুসকলৰ বাবে আৰু কেতবোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়– এই অনাথ কন্যা শিশুসকলে চৰকাৰী ব্যয়ত পঢ়া-শুনা কৰি কর্মমুখী হোৱাৰ পাছত বিয়াৰ সময়ত পূর্বৰ অৰুন্ধতী আঁচনিৰ অধীনত এক তোলা সোণ চৰকাৰৰ পৰা লাভ কৰাৰ উপৰি অতিৰিক্ত ৫০ হাজাৰ টকা লাভ কৰিব৷ আনহাতে পঢ়া-শুনাৰ সময়ত সহায়ক হোৱাকৈ এটাকৈ কম্পিউটাৰ বা লেপটপ চৰকাৰৰ ফালৰ পৰা প্রদান কৰা হ’ব৷
এই সমূহ কার্য ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগে পৰিচালনা কৰিব আৰু সময়ত যাতে সকলো কাম নিয়াৰিকৈ হয়, সেই ক্ষেত্রত ৰাজ্যিক শিশু সুৰক্ষা আয়োগে নজৰ দিব৷ কভিড আক্রান্ত হৈ পিতৃ-মাতৃক হেৰুওৱা শিশুসকলক চিনাক্ত কৰিব জিলা প্রশাসনে৷ অর্থাৎ জিলা উপায়ুক্তই হিতাধিকাৰী বাছনিৰ দায়িত্বত থাকিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ ইফালে কাইলৈৰ পৰা বিজেপিয়ে ৰাজ্যখনৰ ১০ হাজাৰখন গাঁও, বৃদ্ধাশ্রম সামৰি সেৱাই সংগঠন কার্যসূচীৰো আৰম্ভ কৰিব বুলি সংবাদমেলত মুখ্যমন্ত্রীয়ে সদৰী কৰে৷
ৰাজ্যৰ কভিড পৰিস্থিতি সন্দর্ভত ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্রীয়ে কয় যে সম্ভৱতঃ ৭ জুনৰ পাছত কিছু নিয়ন্ত্রণলৈ আহিব৷ ইতিমধ্যে প্রযোজ্য হৈ থকা কভিডৰ কঠোৰ নীতি-নিয়ম ৫ জুনলৈ বাহাল থাকিব আৰু পৰিস্থিতি ভাললৈ আহিলে ৫ জুনৰ পাছত হয়তো নীতি-নিয়ম কিছু শিথিল হ’ব পাৰে৷ ৫৬ দিনৰ পাছত কভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও কিছু হ্রাস হ’ব পাৰে বুলি তেওঁ আশা ব্যক্ত কৰে৷ ভেকচিনৰ নাটনিৰ প্রসংগত তেওঁ কয় যে প্রতিদিনে এক লাখ লোকক ভেকচিন দিব পাৰে যদিও ভেকচিন যোগানৰ প্রতি লক্ষ্য ৰাখি দৈনিক ৬০ হাজাৰকৈ লোকক দিয়া হৈছে৷
এতিয়ালৈ ৰাজ্যখনৰ ৪০ হাজাৰ লোকক ভেকচিন দিয়া হৈছে বুলি সদৰী কৰি কয় যে গুৱাহাটীতেই ৫ লাখ লোকে ভেকচিন লাভ কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে ভেকচিনৰ উৎপাদন ক্রমাগতভাৱে বৃদ্ধি পাব৷ চলিত মাহত প্রায় ৭ কোটি ভেকচিন উৎপাদন হৈছে৷ জুন, জুলাইত আৰু অধিক ভেকচিন উৎপাদন হ’ব৷ উৎপাদন যিমানেই অধিক হ’ব সিমানেই ৰাজ্যই অধিক হাৰত ভেকচিন লাভ কৰিব আৰু লোকক প্রদান কৰিব পাৰিব৷ ডিচেম্বৰৰ ভিতৰত সকলো লোকেই প্রথম আৰু দ্বিতীয় ড’জ লাভ কৰিবলৈ সক্ষম হ’ব বুলি কয়৷
ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে কভিড ৰোগীৰ চিকিৎসাৰ নামত মাত্রাধিক ধন লোৱা বুলি উত্থাপিত অভিযোগৰ ভিত্তিত তেওঁ কয় যে এই সন্দর্ভত ৩ জুনত চৰকাৰে আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷ চৰকাৰী চিকিৎসালয়ত কভিড চিকিৎসাৰ ব্যৱস্থা কৰি দিয়াৰ পাছত ৰোগী ব্যক্তিগত চিকিৎসালয়লৈ কিয় যায় বুলিও মুখ্যমন্ত্রীয়ে প্রশ্ন কৰে৷ তেওঁ কয় যে কভিডৰ চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ত ঔষধৰ যিমান ব্যৱস্থা আছে, ব্যক্তিগত চিকিৎসালয়ত পর্যাপ্ত ব্যৱস্থা নাই বুলি আঙুলিয়াই দিয়ে৷ অসম-নগালেণ্ডৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে ইতিমধ্যে নগালেণ্ডৰ মুখ্যমন্ত্রীয়ে তেওঁলৈ এখন চিঠি দিছে৷ বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ কথা সদৰী কৰি কয় যে এই ক্ষেত্রত মন্ত্রী অতুল বৰাই নগালেণ্ডৰ মুখ্যমন্ত্রীৰ লগত যোগাযোগ অব্যাহত ৰাখিছে৷