গুৱাহাটী, ৩ জুনঃ লক্ষীনন্দন বৰাৰ অসমীয়া সাহিত্য ৰচনাৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৫৪ চনত ৰামধেনুত প্ৰকাশিত তেওঁৰ প্ৰথম গল্প ‘ভাওনা’ৰে। তেওঁৰ প্ৰথম উপন্যাস গঙা চিলনীৰ পাখি প্ৰকাশ হৈছিল ১৯৬৩ চনত যিখন ১১ টা ভাষালৈ অনুদিত হৈছিল।
পদুম বৰুৱাই একে নামেৰে ১৯৭৬ চনত কৰা অতি উচ্চ পৰ্যায়ৰ কলাত্মকভাৱে ৰসোত্তীৰ্ণ অসমীয়া চিনেমাখনে উপন্যাসখনক কালজয়ী ৰূপ দিছিল। শ্ৰেণী সংঘাট, সামন্তবাদী সামাজিক ভাৱধাৰা আৰু নাৰী স্বাধীনতা চিন্তাৰ উদ্ৰেগকাৰী গঙা চিলনীৰ পাখিক থিমেটিক আৰু চিনেমেটিক নান্দনিকতাই এক অনন্য মাত্ৰা দিছিল। তেনে নান্দনিক সৌন্দৰ্য্যৰ পৰ্যায়ত বোধহয় আজিলৈকে কোনো অসমীয়া চিনেমা উপনীত হ’ব পৰা নাই। অৱশ্যে এই ক্ষেত্ৰত পৰিচালক পদুম বৰুৱাৰ কৃতিত্ব পূৰামাত্ৰা। কিন্তু তেওঁ শ্ৰেণী সংঘাটৰ বিষয়টোক অধিক গুৰুত্ব দিছিল যদিও মূল কাহিনীৰ পৰা ফালৰি কাটি যোৱা নাছিল।
১৯৮৬ চনত প্ৰকাশিত ‘পাতাল ভৈৰৱী’ৰ বাবে লক্ষীনন্দন বৰাই ১৯৮৭ চনৰ সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল। ‘পাতাল ভৈৰৱী’ৰ প্ৰথম সংস্কৰণৰ ‘ব্যক্তিগত’ শিতানত তেওঁ লিখিছিল, ‘ইয়াৰ মূলধন হ’ব লাগিব ব্যাপ্তি, বৈচিত্ৰ আৰু গতিশীলতা।...ইয়াত হয়তো গঙা চিলনীৰ পাখিৰ লেখকজনক বিচাৰি নেপাব, পাব ‘পতন’ৰ লেখকজনকহে।’ উপন্যাসখনৰ দ্বিতীয় সংস্কৰণত তেওঁ লিখিছে, ‘বহুতে ক’ব খোজে যে ‘পাতাল ভৈৰৱী’ৰ সাফল্যৰ মূলতে হ’ল ইয়াৰ তীব্ৰ গতি, নিষিদ্ধ জীৱনৰ ছবি, ৰাজনৈতিক শ্লেষ আৰু এইবোৰৰ আধাৰত জীয়া জীৱনৰ ছন্দ।...মোৰ বোধেৰে পাতাল জীৱনক নিষ্ঠাৰে, অনুকম্পাৰে আৰু পাপ-পূণ্যবিবৰ্জিত নৈৰ্ব্যক্তিক দৃষ্টিৰে চাই স্বৰূপ অনুসন্ধানৰ যোগেদি লিখা কাৰণেহে কিজানি ই সাহিত্যৰসিকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিছে।
...নিজক জন জীৱনৰ লগত সমগ্ৰ সত্ত্বাৰে জড়িত কৰি আধুনিক বিশ্লেষণ পদ্ধতিৰে একোটা অঞ্চল বা একোটা সমস্যা অনুসন্ধান কৰি উপন্যাস লিখি যাব পৰাটোহে মোৰ নিস্তৰংগ জীৱনৰ জীয়াই থকাৰ একমাত্ৰ সাৰ্থকতা বুলি ভাৱোঁ।...’
১৯৮০ চনত তেওঁ লিখা ‘আকৌ শৰাইঘাট’ নামৰ উপন্যাসখনত প্ৰতিফলিত হৈছে তেওঁ ৰাজনৈতিক ভাৱ্ধাৰা। ৰাজনৈতিক কৰ্ম-কাণ্ডৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত তেওঁক ১৯৮১ চনত গ্ৰেপ্টাৰ কৰা হৈছিল।
কৈশোৰ কালতে পিতৃ-মাতৃক হেৰুওৱা লক্ষীনন্দন বৰাৰ অভিভাৱক আছিল ককায়েক কমল চন্দ্ৰ বৰা। কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক হোৱাৰ পিচত তেওঁ স্নাতকোত্তৰ শিক্ষা লৈছিল ক’লকাতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা। তেওঁ আছিল অন্ধ্ৰ বিশ্ব বিদ্যালয়ৰ পৰা বতৰ বিজ্ঞান বিভাগত পি এইচ ডি ডিগ্ৰী পোৱা প্ৰথমজন গৱেষক ছাত্ৰ। যোৰহাটৰ অসম কৃষি বিশ্ব বিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্ম জীৱন অতিবাহিত কৰা বৰা দেৱে পদাৰ্থ আৰু কৃষি বতৰ বিজ্ঞান বিভাগৰ মূৰব্বী হিচাপে ১৯৯২ চনত অৱসৰ লয়।তেওঁ দুটা কাৰ্যকালৰ বাবে জহানেছ গুটেনবাৰ্গ বিশ্ব বিদ্যালয়ৰ অতিথি অধ্যাপক আছিল।
শৈক্ষিক বিষয়, কৃষি আৰু পৰিৱেশ সম্পৰ্কীয় বহু পাঠ্যপুথি, নাটক আদিৰ লগতে মাটিত মেঘৰ ছাঁ, বিশেষ এৰাতি, সেই অনুৰাগ, কাল ডিঙাৰে পাল,প্ৰেয়সী, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনেৰে অনুপ্ৰাণিত উপন্যাস ক্ৰমে যাকেৰি নাহিকে উপাম আৰু সেহি গুণনিধিকে আদি কৰি তেওঁ ৬০ খনৰো অধিক গ্ৰন্থ লিখিছে। তাৰ ভিতৰত আছে ২৯খন উপন্যাস আৰু ২৬খন চুটি গল্পৰ সংকলন।
২০০৮ চনত প্ৰকাশিত শৰীৰ বিজ্ঞান বিষয়ৰ ওপৰত লিখা ‘কায়াকল্প’-চিৰ যৌৱনৰ অমৃত সুধা নামৰ গ্ৰন্থৰ বাবে তেওঁলৈ কে. কে. বিৰলা ফাউণ্ডেশ্যনে ‘সৰস্বতী সম্মান’ শীৰ্ষক সন্মান আগবঢ়ায়। বয়স ঘূৰাই অনাৰ মহৌষধ প্ৰস্তুতিৰ বাবে গৱেষণা কৰা বৈজ্ঞানিক অনুজ কৃপালনি(চৰিত্ৰ)ৰ প্ৰচেষ্টাৰে লিখা বিজ্ঞান ভিত্তিক গ্ৰন্থখন বহুলভাৱে আলোচিত হৈছিল। ২২টা ভাৰতীয় ভাষালৈ গ্ৰন্থখন অনুদিত হৈছিল।তেওঁৰ ৭৫ টা নিৰ্বাচিত গল্পৰে প্ৰকাশ হৈছে ‘লক্ষীনন্দন বৰাৰ চাৰিটা দশকৰ গল্প সমগ্ৰ’। তেওঁৰ আত্ম জীৱনী ‘কাল বলুকাত খোজ’ ধাৰাবাহিক ৰূপত প্ৰান্তিকত প্ৰকাশ পাইছিল। শেহতীয়াকৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি(১৯৯৬-৯৭) জনে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু ওজা সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে গ্ৰন্থ লিখি আছিল।
তেওঁ অসমৰ প্লানিং কমিছনৰ সদস্য আছিল।১৯৯৭-২০০৩ চনলৈকে অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰো তেওঁ অধ্যক্ষ আছিল। বৰ্তমান তেওঁ অসম ট্ৰিবিউন গোষ্ঠীয়ে প্ৰকাশ কৰা সাহিত্য আলোচনী গৰীয়সীৰ সম্পাদক হিচাপে কৰ্মৰত আছিল।
২০০৪ চনত তেওঁক অসম উপত্যকা সাহিত্য পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। ২০১২ চনত অসম প্ৰকাশন পৰিষদে তেওঁক জীৱন যোৰা খ্যাতিৰ পুৰস্কাৰ আগবঢ়ায়। ২০১৫ চনৰ গনতন্ত্ৰ দিৱসৰ দিনা ভাৰত চৰকাৰৰ চতুৰ্থ উচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে তেওঁক বিভূষিত কৰা হয়। তদুপৰি তেওঁলৈ ভাৰতীয় ভাষা পৰিষদৰ ৰচনা সমগ্ৰ সন্মানো আগবঢ়োৱা হৈছিল।
২০২১ চনৰ ৩ জুন তাৰিখে গুৱাহাটীৰ এক ব্যক্তিগত নাৰ্চিং হ’মত কভিড -১৯ ত আক্ৰান্ত হৈ অসমীয়া ভাষা আৰু সমাজ জীৱনৰ সংকট সম্পৰ্কে উদ্বিগ্ন, অসমীয়া গদ্যৰ অন্যতম কাণ্ডাৰীজনে ‘কাল বলুকাত খোজ’ থৈ মেলানি মাগিলে ইহ জগতৰ পৰা।
Comments