Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

১৩ বছৰীয়া হ’ল ‘বজৰংগী ভাইজান’ৰ মুন্নী:এতিয়া অভিনয়তকৈ পঢ়াত দিছে বেছি গুৰুত্ব


Published on June 4, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

এগৰাকী অসমীয়া বোৱাৰীৰ দায়িত্ববোধ:কান্ধত তুলি হাস্পতাললৈ লৈ গল অসুস্থ শহুৰেকক


Published on June 4, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৪ জুন:বোৱাৰীয়েকে কান্ধত তুলি হাস্পতাললৈ লৈ গল অসুস্থ শহুৰেকক।এগৰাকী অসমীয়া বোৱাৰীৰ এখন ছবি ভাইৰেল হৈ পৰাৰ পাছতে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।ৰহাৰ ভাটিগাঁৱৰ ৭৫বছৰীয়া থলেশ্বৰ দাস নামৰ অসুস্থ ব্যক্তিগৰাকীক বোৱাৰীয়েক নীহাৰিকা দাসে পিঠিত তুলি স্থানীয় স্বাস্থ্যকেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ আনিছিল।তাৰ পৰা থলেশ্বৰ দাসক ১০৮ এম্বুলেন্সেৰে নগাঁৱলৈ নিয়া হয়।ক'ভিড পজিটিভ চিনাক্ত হোৱা শহুৰেক থলেশ্বৰ দাসক এইদৰে স্বাস্থ্য কেন্দ্ৰলৈ পিঠিত কঢ়িয়াই অনা বোৱাৰীয়েক নীহাৰিকাৰো ক'ভিড পজিটিভ ধৰা পৰে।

জানিব পৰা মতে,নিহাৰিকাৰ স্বামী তথা থলেশ্বৰ দাসৰ পুত্ৰ চাকৰি সূত্ৰে ঘৰৰ পৰা আঁতৰত থকাৰ বাবেই বোৱাৰীয়েকে শহুৰেকৰ সমস্ত দায়িত্ব ল’ব লগা হৈছে৷শহুৰেক থলেশ্বৰ দাস ক'ভিড আক্ৰান্ত হৈ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত বোৱাৰী নিহাৰিকা দাসে এনেদৰে ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আনে৷থলেশ্বৰ দাসক ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ লগতে নিহাৰিকাক হোম কোৱাৰেণ্টাইনত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগে।

কিন্তু বয়সীয়াল শহুৰেকক অকলশৰে হাস্পতাললৈ প্ৰেৰণ কৰিবলৈ অমান্তি হয় নিহাৰিকা।সেয়েহে যাৱতীয় চিকিৎসা সেৱা প্ৰদান কৰি দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হস্পিতাললৈ ১০৮ বাহনেৰে প্ৰেৰণৰ ব্যৱস্থা কৰে৷মহামাৰীৰ এই বিভীষিকাৰ সময়ত ৰহাৰ নিহাৰিকা দাসে নিজৰ শহুৰৰ প্ৰতি দেখুওৱা দায়িত্ববোধে সকলোকে মোহিত কৰিছে।

মেট্ৰিক ফেইল কৰিও ১২ বছৰে কৰিলে চিকিৎসকৰ চাকৰি:ডিব্ৰুগড়ত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক


Published on June 4, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৪ জুন:মেট্ৰিক ফেইল কৰিও ১২ বছৰে কৰিলে চিকিৎসকৰ চাকৰি।ডিব্ৰুগড়ত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক।ডিব্ৰুগড় জিলাৰ মোকলবাৰী চাহ বাগিচা আৰু তিনিচুকীয়া চহৰৰ চেইন লুকছ হাস্পতালত দীৰ্ঘদিন চিকিৎসা কৰি থকা এজন ভুৱা চিকিৎসকক  চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।ভুৱা চিকিৎসকজনৰ প্ৰকৃত নাম চাইমন নাগ ওৰফে ৰূবেন নাগ।

ছিংগাপুৰত কাম কৰি থকা ডাঃ ষ্টিফেন এন্থনী নামৰ এজন চিকিৎসকৰ পৰিচয় চুৰ কৰি ভুৱা চিকিৎসকগৰাকীয়ে চিকিৎসক হিচাপে পৰিচয় দি আহিছিল।২০০৯ চনৰ পৰা তেওঁ চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছে আৰু ২০১৮ চনত মোকালবাৰী চাহ বাগিচাত যোগদান কৰাৰ আগতে কেইবাখনো চাহ বাগিচাত সেৱা আগবঢ়াইছিল।

ৰোগীসকলৰ মাজতো বহুত জনপ্ৰিয় আছিল ডাঃ ষ্টিফেন এন্থনী ওৰফে চাইমন নাগ।আৰক্ষীয়ে জনোৱা অনুসৰি,ভুৱা চিকিৎসক চাইমনে ২০০৩ চনত ডিব্ৰুগড়ৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁৰ দশম শ্ৰেণীৰ পৰীক্ষাত সামগ্ৰিকভাৱে মাত্ৰ ১৩৭ নম্বৰ লাভ কৰিছিল।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account