গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২ জুন ঃ ৰাজ্যত কৰ’নাৰ সংক্রমণ ক্রমাৎ হ্রাস পাই এক সুস্থিৰ অৱস্থালৈ আহিছে৷ কিন্তু লক্ষণীয়ভাৱে ৰাজ্যৰ চহৰাঞ্চলৰ তুলনাত সম্প্রতি গ্রামাঞ্চলত সংক্রমণ বৃদ্ধি পাবলৈ ধৰিছে৷ ইফালে ৰাজ্যত মৃত্যুৰ হাৰো হ্রাস পাবলৈ ধৰিছে৷ উল্লেখযোগ্য যে সম্প্রতি ৰাজ্যত কৰ’নাত আক্রান্ত হৈ ৫১ সহস্রাধিক লোক চিকিৎসাধীন হৈ আছে৷
ইফালে সংক্রমণৰ হাৰ কালি পুনৰ ৪ শতাংশৰ ঘৰলৈ বৃদ্ধি পায়৷ কালি ৰাজ্যত ৪,৬৮২জন লোক নতুনকৈ আক্রান্ত হয়৷ আনহাতে কালি ৰাজ্যত কৰ’নাত আক্রান্ত হৈ মুঠ ৫১জন লোকৰ মৃত্যু ঘটে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৪,১৭৮জন লোক আক্রান্ত হয়৷ এই সময়ছোৱাত সংক্রমণৰ হাৰ আছিল ৪.০৬ শতাংশ৷
আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত কৰ’নাত আক্রান্ত হৈ ৬১জন লোকৰ মৃত্যু ঘটে৷ লক্ষণীয় যে এদিনত সর্বাধিক ১,৬০০ লোক আক্রান্ত হোৱা কামৰূপ মহানগৰত কালি ৪০৩জন লোক আক্রান্ত হয়৷ আজি জিলাখনত আক্রান্তৰ সংখ্যা ৩৮৩জনলৈ হ্রাস পায়৷ ইফালে কামৰূপ মহানগৰক অতিক্রম কৰি কালি তিনিচুকীয়া জিলাত সর্বাধিক ৫১৭জন লোক আক্রান্ত হয়৷ কাছাৰ জিলাত ৩২৪জন, নগাঁও জিলাত ৩০৭জন, ডিব্রুগড় জিলাত ৩০৪জন, কামৰূপ গ্রাম্য জিলাত ৩০১জন লোক কালি আক্রান্ত হয়৷
Comments