Choose Language

  • All  
  • English
  • অসমীয়া

পুনৰ আৰম্ভ কৰা হ'ল 'প্ৰজ্ঞান ভাৰতী'ৰ অধীনত স্কুটি বিতৰণ প্ৰক্ৰিয়া


Published on June 3, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

অসমলৈ পলাই অহা বংগ শৰণাৰ্থীসকলৰ স্থিতি তলব গুৱাহাটী উচ্চ ন্যায়ালয়


Published on June 3, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৩ জুন: গুৱাহাটী উচ্চ ন্যায়ালয়ে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পিছত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে পলায়ন কৰি অসমৰ সীমান্তৱৰ্তী অঞ্চলত আশ্ৰয় লোৱা শৰণাৰ্থীসকলৰ স্থিতিৰ বিষয়ে কেন্দ্ৰ আৰু অসম চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে। উচ্চ ন্যায়ালয়ে লগতে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগক শৰনাৰ্থীসকলৰ সৈতে অসমলৈ অহা শিশুসকলৰ স্থিতিৰ বিষয়েও অৱগত কৰাবলৈ নিৰ্দেশ প্ৰদান কৰিছে। 

ন্যায়ালয়ে পশ্চিমবংগৰ পৰা পলায়ন কৰি অসমত আশ্ৰয় ল'বলৈ বাধ্য হোৱা আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকসকলৰ বিষয়ত দুটা ৰাজহুৱা স্বাৰ্থজনিত আৱেদনৰ শুনানি প্ৰদান কৰে।পৰৱৰ্তী শুনানিৰ তাৰিখ ১৪ জুলাইত ধাৰ্য্য কৰা হৈছে।

বিগত মাহৰ আৰম্ভণিত পশ্চিমবংগত সংঘটিত ব্যাপক হিংসাত্মক ঘটনাত কেইবাজনো বিজেপি কৰ্মী আহত আৰু নিহত হ'বলগীয়া হৈছিল। হিংসাত্মক কাণ্ড সংঘটিত কৰা লোকসকলে দোকান-পোহাৰৰ বয়-বস্তুসমূহ লুটি লৈ গৈছিল। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিৰোধী কৰ্মীসকলৰ ওপৰত আক্ৰমণৰ ঘটনাসন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা তথ্যগত প্ৰতিবেদন বিচাৰিছিল।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে নিৰ্বাচনৰ পিছত সংঘটিত হোৱা হিংসাৰ ফলত ৩০০-৪০০ বিজেপি কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই পশ্চিমবংগত নিজৰ ঘৰ এৰি অসমত আশ্ৰয় লৈছে।

আনহাতে পশ্চিমবংগৰ হিংসাত্মক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° শৰ্মাই টুইটাৰযোগে কয় যে, "মমতা বেনাৰ্জীয়ে দানৱতন্ত্ৰৰ এই কুৎসিত নৃত্য বন্ধ কৰিব লাগে। এই দুখজনক ঘটনাত ৩০০-৪০০ জন বিজেপি কৰ্মকৰ্তা অত্যাচাৰ আৰু হিংসাৰ সন্মুখীন হোৱাৰ পিছত অসমৰ ধুবুৰীলৈ নিজৰ প্ৰাণ বচাই আহি আশ্ৰয় ল'ব লগীয়া হৈছে। অসম চৰকাৰে শৰনাৰ্থীসকলক আশ্রয় আৰু খাদ্যৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। বেংগল সোনকালে সুস্থিৰ হৈ উঠক।"
 

most read news
    Cartoon
    View Older

     

    September 19, 2021


    Entertainment
    View Older


    From Our Archive

    Create Account