গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্টাৰ, ৪ জুন ঃ ৰাজ্যত ক্রমান্বয়ে কৰ’নাৰ সংক্রমণ হ্রাস পাইছে৷ কিন্তু কৰ’নাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই এতিয়াও উদ্বিগ্ন কৰি ৰাখিছে সকলোকে৷ কৰ’নাৰ দ্বিতীয়টো ঢৌত (১ এপ্রিল৩ জুন) এতিয়ালৈকে ৰাজ্যখনত মৃত্যু হৈছে ২,৪১৮জন লোকৰ৷
ইয়াৰ ভিতৰত যোৱা এটা পষেকতে (২০ মে’৩ জুন) মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১০৯০জন৷ এনে পৰিস্থিতিত ৰাজ্যৰ স্বাস্থ্য বিভাগে কৰ’নাত আক্রান্ত লোকসকলে যাতে সঠিক সময়ত চিকিৎসা লাভ কৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে যদিও দৈনিক মৃত্যুৰ সংখ্যা এতিয়াও বিশেষ হ্রাস পোৱা নাই৷ আনহাতে ৰাজ্যবাসীৰ বাবে সন্তোষজনক খবৰ এয়ে যে ক্রমান্বতে ক’ৰনাৰ সংক্রমণ নিম্নগামী হ’বলৈ ধৰিছে৷
পূর্বতে ৰাজ্যখনত সংক্রমণৰ হাৰ ১০ শতাংশ পর্যন্তলৈ বৃদ্ধি পাইছিল যদিও এতিয়া এই হাৰ ৪.০২ শতাংশলৈ হ্রাস পাইছে৷ ইফালে ৰাজ্যখনৰ ভিতৰতে সর্বাধিক লোক আক্রান্ত হোৱা কামৰূপ মহানগৰ জিলাতো সংক্রমণ লাহে লাহে কমিবলৈ ধৰিছে৷ কালিৰ দিনটোত কামৰূপ মহানগৰ জিলাত আক্রান্ত হৈছে ৩৮৬জন লোক৷
স্বাস্থ্য বিভাগে প্রকাশ কৰা মতে, নতুনকৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ পার্কিং ়এলেকাত ২০০খন, গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ভিতৰত ৫৮খন, কালাপাহাৰত ২৪খন নতুনকৈ আই চি ইউ বিছনা সাজু কৰি তোলা হৈছে৷ একেদৰে ডি আৰ ডি অ’ই সৰুসজাই ষ্টেডিয়ামত নির্মাণ কৰি থৰি তিনিশখন আই চি ইউ তথা অক্সিজেনযুক্ত বিছনাৰ চিকিৎসালয়খনৰ কামো প্রায় সম্পূর্ণ হোৱাৰ পথত৷
ইফালে পানীখাইতীৰ ডাউন টাউন বিশ্ববিদ্যালয়ত যি চাৰিশখন অক্সিজেনযুক্ত বিছনাৰ কভিড হস্পিটেল মুকলি কৰাৰ বাবে কাম চলি আছে, সেই কাম কালি পৰিদর্শন কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই৷ মন্ত্রীজনৰ মতে অহা দহ দিনৰ ভিতৰত সাজু হৈ উঠিব এই চিকিৎসালয়খন৷
উল্লেখযোগ্য যে যোৱা দহ দিনত ৰাজ্যখনৰ ভিতৰতে কামৰূপ মহানগৰ জিলাত সর্বাধিক ৫০১৬জন, কাছাৰ জিলাত ৪০১৬জন, তিনিচুকীয়া জিলাত ৩৮২০জন, ডিব্রুগড় জিলাত ৩৫৬৭জন আৰু নগাঁও জিলাত ৩২২২জন লোক আক্রান্ত হৈছে৷ ৰাজ্যৰ বাকী জিলাসমূহত যোৱা দহ দিনত দুই হাজাৰতকৈ অধিক লোক আক্রান্ত হোৱা নাই৷ ইফালে ৰাজ্যত কৰ’নাৰ সংক্রমণ আজিৰ দিনটোত ৩.৬৮ শতাংশলৈ হ্রাস পাইছে৷
যোৱা ২৪ ঘন্টাত ৰাজ্যখনত কৰ’নাত মুঠ ৪৫৪৮জন লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৫৪ জন লোকৰ৷ আক্রান্ত হোৱা সকলৰ ভিতৰত ৪২১জন লোকেই হৈছে কামৰূপ মহানগৰ জিলাৰ৷ আনহাতে আজিৰ দিনটোত আৰোগ্যৰ হাৰ বৃদ্ধি পাই হৈছেগৈ ৮৭.০২ শতাংশ৷ n নতুন নীতি নির্দেশ জাৰি ঃ কৰ’নাৰ সংক্রমণ কিছু পৰিমাণে হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি মিনি লকডাউন কিছু শিথিল কৰা হৈছে৷
সেই অনুসৰি অহা ৬ জুনৰ পুৱা পাঁচ বজাৰ পৰা ১৬ জুনৰ পুৱা পাঁচ বজালৈকে প্রযোজ্য হ’ব লগীয়া এই নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা সান্ধ্য আইন বলৱৎ হ’ব দিনৰ এক বজাৰ পৰা পুৱা পাঁচ বজালৈকে৷
আনহাতে সকলো ব্যাৱসায়িক প্রতিষ্ঠান দিনৰ বাৰ বজাত বন্ধ কৰিব লাগিব৷ ৰেস্তোৰাঁ, ধাবা আদিত দিনৰ বাৰ বজালৈকে গ্রাহকসকলে বহি খাব পাৰিব ৷ ইয়াৰ পাছত গ্রাহকসকলে এক বজালৈকে খাদ্য ঘৰলৈ নিব পাৰিব যদিও দিনৰ এক বজাৰ পাছত ৰেস্তোৰাঁ, ধাবাসমূহে গ্রাহকক খাদ্য হোম ডেলিভাৰীহে কৰিব পাৰিব৷ হোটেল বা ৰিজর্টৰ ভিতৰত থকা ৰেস্তোৰাঁসমূহলৈ বাহিৰৰ গ্রাহকসকল দিনৰ বাৰ বজালৈকে আহিব পাৰিব৷
অৱশ্যে ইয়াৰ পাছত হোটেল, ৰিজর্টত থকা লোকসকলক ৰূমত খাদ্য যোগান ধৰিব পাৰিব৷ শীতলীকৰণ ভঁৰাল আৰু পণ্যাগাৰ দিনৰ বাৰ বজাৰ পাছতো খোলা ৰাখিব পাৰিব যদিও কোনো সামগ্রী বিক্রী কৰিব নোৱাৰিব তথা সংলগ্ন দোকানসমূহ বন্ধ ৰাখিব লাগিব৷ আনহাতে সকলো চৰকাৰী-বেচৰকাৰী কার্যালয় অহা ১৫ জুনলৈকে বন্ধ থাকিব৷ অৱশ্যে অত্যন্ত জুৰুৰী কামত চৰকাৰী কার্যালয়ৰ যুটীয়া সচিব আৰু তাতকৈ উচচ পর্যায়ৰ বিষয়া আৰু বেচৰকাৰী কার্যালয়ৰ মুখ্য বিষয়াসকল কার্যালয়লৈ যাব পাৰিব৷ একেদৰে আন্তঃজিলা পৰিবহণ সেৱাও বন্ধ থাকিব৷
Comments