গুৱাহাটী, ৫ জুন: ভাৰতবৰ্ষৰ কেইবাটাও বিমানবন্দৰৰ লগতে অসমবাসী ৰাইজৰ আৱেগ জড়িত হৈ থকা স্বাধীনতা সংগ্রামী, অসমৰ প্ৰথম মুখ্যমন্ত্রী তথা মহাত্মা গান্ধীৰ ঘনিষ্ঠ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাঙ্কিত বৰঝাৰ বিমান বন্দৰটি পুঁজিপতি গোষ্ঠী আদানি গোটৰ হাতত গতাই দিয়াৰ একপক্ষীয় আৰু স্বেচ্ছাচাৰী সিদ্ধান্তৰ অসম জাতীয় পৰিষদে তীব্ৰ বিৰোধিতা কৰে।
দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ ভাৰতীয় বিমান প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যবাহী সঞ্চালকৰ হাতত অর্পন কৰি দলৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ বৰা নেতৃত্বাধীন এটা প্ৰতিনিধি উল্লেখ কৰে যে, বিগত সপ্তাহতে আদানি গ্ৰুপে লক্ষ্ণৌ বিমান বন্দৰখন চমজি লোৱাৰ লগে লগেই বিমান বন্দৰৰ পাৰ্কিঙৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ মাচুল দহগুণ বৃদ্ধি বৃদ্ধি পাইছে৷ বৰঝাৰৰ বিমান বন্দৰৰ দায়িত্ব লোৱাৰ পিছতো তেওঁলোকে নিশ্চয় এনে পদক্ষেপ হাতত ল'ব বুলি অসম জাতীয় পৰিষদৰ সদস্যবৃন্দই আকাংশা প্ৰকাশ কৰিছে।
স্মাৰকপত্ৰ সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে, "কেন্দ্ৰীয় চৰকাৰে বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰা হঠকাৰী কাৰ্য্যৰ প্ৰতিবাদ জনাই বিগত বৰ্ষৰ ৮ আগষ্ট তাৰিখে অসম জাতীয় পৰিষদে বৰঝাৰ বিমানবন্দৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছিল আৰু বিমানবন্দৰৰ কাৰ্য্যবাহী সঞ্চালকক এখন স্মাৰক পত্রও প্ৰদান কৰিছিল।"
জাতীয় পৰিষদ দলটোৰ লগতে জনাই যে, "অসমৰ আৱেগ জড়িত হৈ থকা গোপীনাথ বৰদলৈৰ নামেৰে নামাংকিত বিমান বন্দৰটিৰ সৈতে অসমীয়া ৰাইজৰ সন্মান আৰু স্বাভিমান জড়িত হৈ আছে।ভাৰত ৰত্নৰে সন্মানিত গোপীনাথ বৰদলৈ দেৱক পৰোক্ষ অথবা প্ৰত্যক্ষ ভাৱে অসন্মান কৰা কাৰ্য্য কোনোধৰণে মানি ল'ব নহ'ব।
আনহাতে লক্ষ্ণৌ, বেংগলুৰু বিমানবন্দৰকে ধৰি গুৱাহাটী বিমান বন্দৰকো আগন্তুক ৫০ বছৰৰ বাবে আদানি গোটক গতাই দিব বিচৰা হৈছে। আদানি গ্রুপে ইতিমধ্যে দেশৰ অন্য পাঁচটাকৈ বিমান বন্দৰ তেওঁলোকৰ নিয়ন্ত্রণলৈ নিছে । তদুপৰি আদানি গ্ৰুপে ইতিমধ্যে পাৰ্কিং আদিকে ধৰি বিমান বন্দৰৰ বিভিন্ন মাচুল ১০ গুন বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ এই হঠকাৰী কাৰ্য্যই মহামাৰীৰ কবলত পৰি বিত্তীয় সংকটত জুৰুলা কৰা যাত্ৰীসকলক আৰু অধিক সংকটৰ মুখলৈ ঠেলি দিছে বুলি দলৰ বিষয়ববীয়া সকলে মন্তব্য প্ৰদান কৰে।
শেষত ভূঞাই স্মাৰকপত্ৰত উল্লেখ কৰি কয় যে, "জাতীয় পৰিষদে সংশ্লিষ্ট কৰ্তৃপক্ষক গুৱাহাটী বিমানবন্দৰ ব্যক্তিগতকৰণ কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিব বিচাৰিছে।
অসমবাসীৰ অধিকাৰ আৰু স্বাভিমানক হানি কৰিব বিচৰা কাৰ্য্য আৰু যাত্রী সকলক লুট কৰিব বিচৰা প্ৰচেষ্টা সফল হ'বলৈ দিয়া নহ'ব। ব্যক্তিগত কৰণৰ পৰা বিৰত নাথাকিলে গণতান্ত্রিক ভাৱে প্ৰৱল আন্দোলন গঢ়ি তোলা হ'ব। অসম জাতীয় পৰিষদে স্পষ্ট কৰি দিব বিচাৰিছ যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়া বৰ্গ আৰু আদানি গ্ৰুপে এই বিষয়ে আৰু অধিক সাহস প্ৰদৰ্শনেৰে বৰঝাৰ বিমান বন্দৰটো আদানি গ্ৰুপক হস্তান্তৰ কৰাৰ পৰা বিৰত থাকক।“
Comments