গুৱাহাটী, ৫ জুন: কিন্নৰ সম্প্ৰদায়ক স্বীকৃতি দিবলৈ প্ৰতি বছৰে জুন মাহটো গৌৰৱৰ মাহ হিচাপে উদযাপন কৰি অহা হৈছে। এই গৌৰৱময় মাহটোক আৰু বিশেষ কৰি তুলিলে দিল্লীস্থিত এল জি বি টি মহিলা নাজ যোশীয়ে। কিয়নো যোশীয়ে ২০২১-২২ বৰ্ষৰ 'সম্ৰাজ্ঞী পৃথিৱী'ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। ১ জুন তাৰিখে ডুবাইত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখন ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত বাতিল কৰিব লগীয়া হৈছিল আৰু প্ৰতিযোগীসকলৰ পৰামৰ্শ অনুসৰি ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত কৰা হৈছিল।
উক্ত অনলাইন প্ৰতিযোগিতাত, ১৫ খনতকৈও অধিক দেশৰ এল জি বি টি মহিলাই 'সম্ৰাজ্ঞী পৃথিৱী-২০২১' অংশগ্ৰহণ কৰে। ইয়াৰে শীৰ্ষ পাঁচখন দেশৰ ভিতৰত প্ৰৱেশ কৰা দেশবোৰ আছিল কলম্বিয়া, স্পেইন, ব্ৰাজিল, মেক্সিকো আৰু ভাৰত।
প্ৰতিযোগীসকলক ডিজিটেল মাধ্যমযোগে অনুষ্ঠিত হোৱা মঞ্চত সন্ধিয়াৰ গান আৰু ৰাষ্ট্ৰীয় পোছাক পৰিধান কৰি প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছিল। উক্ত প্ৰতিযোগিতাৰ চূড়ান্ত পাঁচজন প্ৰতিযোগীক সোধা অন্তিম প্ৰশ্নটো আছিল যে, "আপুনি অনুভৱ কৰে নেকি যে লকডাউন হৈছে মহামাৰীৰ সমাধান"?
উক্ত প্ৰশ্নৰ উত্তৰত ভাৰতৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য ৰাণী নাজে কৈছিল যে, "কেৱল লকডাউনে ৰোগীৰ সংখ্যা হ্ৰাস কৰিব নোৱাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি সুৰক্ষা ব্যৱস্থাৰ যত্ন লোৱাটো ও প্ৰতিজন মানুহৰ কৰ্তব্য। সকলোৱে শান্ত আৰু যোগাত্মক দৃষ্টিভংগীৰে আগুৱাই যাব লাগিব।"
নাজে মিছ ইউনিভাৰ্ছ ডাইভাৰ্চিটি ২০২০, মিছ ৱৰ্ল্ড ডাইভাৰ্চিটি ২০১৭-২০, মিছ ৰিপাব্লিক ইণ্টাৰনেচনেলৰ বিউটি এম্বেচেডৰ আৰু মিছ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূতকে ধৰি বিভিন্ন খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।
আনহাতে বিচাৰকৰ আসনত সম্ৰাজ্ঞী পৃথিৱীৰ প্ৰতিষ্ঠাপক লেচ'থোৰ লিকামাতচো মাকুটলে, ভাৰতৰ ৰীতা গাংৱানী আৰু প্ৰেম গাডা, বাংলাদেশৰ অদ্ৰিগা বিশ্বাস, শ্ৰীলংকাৰ ড০ থিয়াগাৰাজা, দক্ষিণ আফ্ৰিকাৰ গুগু চেলে, নাইজেৰিয়াৰ ছাৰ উইলিয়ামছ। সম্ৰাজ্ঞী পৃথিৱীৰ বিজয়ী প্ৰাৰ্থী নাজ যোশীক পেছা ক্ৰিয়েচনৰ দ্বাৰা ডিজাইন কৰা ৩,০০০ ডলাৰ মূল্যৰ মুকুট প্ৰদান কৰা হয়।
Comments