Classifieds
View All
গুৱাহাটী, ৪ জুনঃ বিত্তমন্ত্ৰী অজন্তা নেওগে কালি গৃহ জিলা গোলাঘাটৰ কভিড পৰিস্থিতি আৰু উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। সংক্ৰমণমুক্ত নোহোৱালৈকে কভিড ৰোগীসকলৰ সৈতে প্ৰশাসন আৰু স্বাস্থ্য বিভাগক যোগাযোগ অক্ষুন্ন ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
আনহাতে, গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে কালি গোলাঘাটৰ সাংবাদিকসকলৰ সৈতে এক আলোচনাত মিলিত হয়। জিলা প্ৰশাসনে ৰাইজৰ কভিড সম্পৰ্কীয় অভাৱ-অভিযোগৰ বাবে এটা হেল্পলাইন নম্বৰ ০৩৭৭৪২৮৩০০১ মুকলি কৰিছে।
Comments