Choose Language

  • All  
  • English
  • অসমীয়া

৭ জুনলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত হ'ব তীব্ৰ বৃষ্টিপাত


Published on June 4, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

কভিডত অনাথ শিশুৰ বাবে ৰাজ্য চৰকাৰৰ আঁচনি


Published on May 30, 2021|News Source : জনমভূমি

গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২৯ মে’ ঃ কভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্রেক্ষিতত অর্থাৎ কভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰা লোকৰ অনাথ শিশুক মাহেকত ৩,৫০০ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ ‘মুখ্যমন্ত্রী শিশু সেৱা আঁচনি’ নামৰ এখন নতুন আঁচনিৰ জৰিয়তে এই আর্থিক সাহায্য আগবঢ়াব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এখন সংবাদমেলত সদৰী কৰে৷ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনৰ কাইলৈ সপ্তম বর্ষপূর্তি উপলক্ষে অসম চৰকাৰে এই আঁচনিখন কার্যকৰী কৰাৰ সিদ্ধান্ত লৈছে৷

কভিডত পিতৃহাৰা-মাতৃহাৰা হোৱা শিশুৰ পঢ়া-শুনাৰ ব্যয় হিচাপে এই ধন আগবঢ়োৱাৰ লগতে যিসকল  শিশুক চোৱাচিতা কৰিবলৈ আত্মীয় নাই, তেনে শিশুক আৱাসিক বিদ্যালয় বা হোষ্টেলত ৰাখি চৰকাৰে পঢ়া-শুনাৰ ব্যৱস্থা কৰিব৷ আৱাসিক বিদ্যালয় বা হোষ্টেলত ৰাখি পঢ়া-শুনাৰ ব্যৱস্থা কৰা শিশুসকলৰ ৩,৫০০ টকাৰ আর্থিক সাহায্য আগবঢ়োৱা নহ’ব৷ অর্থাৎ ঘৰত থাকি পঢ়া-শুনা কৰা শিশুসকলেহে আর্থিক সাহায্য লাভ কৰিব৷ শিক্ষা জীৱন সামৰি কর্ম জীৱন আৰম্ভ নকৰা পর্যন্ত এই আর্থিক সাহায্য চৰকাৰে আগবঢ়াই আহিব৷

আনহাতে হোষ্টেল বা আৱাসিক বিদ্যালয়ত থকা শিশুসকলৰ শিক্ষা জীৱন অতিবাহিত হোৱাৰ পাছত বৃত্তিমূলক শিক্ষাৰ জৰিয়তে দক্ষ কৰি তোলাৰ দায়িত্বও চৰকাৰে ল’ব৷ গোৱালপাৰা সৈনিক বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয়, কস্তুৰবা গান্ধী বিদ্যালয় আদিত অনাথ শিশুসকলৰ চৰকাৰী খৰচত পঢ়া-শুনাৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে৷ সমান্তৰালকৈ এই শিশুসকলৰ বাবে আৰু কেতবোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়– এই অনাথ কন্যা শিশুসকলে চৰকাৰী ব্যয়ত পঢ়া-শুনা কৰি কর্মমুখী হোৱাৰ পাছত বিয়াৰ সময়ত পূর্বৰ অৰুন্ধতী আঁচনিৰ অধীনত এক তোলা সোণ চৰকাৰৰ পৰা লাভ কৰাৰ উপৰি অতিৰিক্ত ৫০ হাজাৰ টকা লাভ কৰিব৷ আনহাতে পঢ়া-শুনাৰ সময়ত সহায়ক হোৱাকৈ এটাকৈ কম্পিউটাৰ বা লেপটপ চৰকাৰৰ ফালৰ পৰা প্রদান কৰা হ’ব৷

এই সমূহ কার্য ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগে পৰিচালনা কৰিব আৰু সময়ত যাতে সকলো কাম নিয়াৰিকৈ হয়, সেই ক্ষেত্রত ৰাজ্যিক শিশু সুৰক্ষা আয়োগে নজৰ দিব৷ কভিড আক্রান্ত হৈ পিতৃ-মাতৃক হেৰুওৱা শিশুসকলক চিনাক্ত কৰিব জিলা প্রশাসনে৷ অর্থাৎ জিলা উপায়ুক্তই হিতাধিকাৰী বাছনিৰ দায়িত্বত থাকিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ ইফালে কাইলৈৰ পৰা বিজেপিয়ে ৰাজ্যখনৰ ১০ হাজাৰখন গাঁও, বৃদ্ধাশ্রম সামৰি সেৱাই সংগঠন কার্যসূচীৰো আৰম্ভ কৰিব বুলি সংবাদমেলত মুখ্যমন্ত্রীয়ে সদৰী কৰে৷

ৰাজ্যৰ কভিড পৰিস্থিতি সন্দর্ভত ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্রীয়ে কয় যে সম্ভৱতঃ ৭  জুনৰ পাছত কিছু নিয়ন্ত্রণলৈ আহিব৷ ইতিমধ্যে প্রযোজ্য হৈ থকা কভিডৰ কঠোৰ নীতি-নিয়ম ৫ জুনলৈ বাহাল থাকিব আৰু পৰিস্থিতি ভাললৈ আহিলে ৫ জুনৰ পাছত হয়তো নীতি-নিয়ম কিছু শিথিল হ’ব পাৰে৷ ৫৬ দিনৰ পাছত কভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও কিছু হ্রাস হ’ব পাৰে বুলি তেওঁ আশা ব্যক্ত কৰে৷ ভেকচিনৰ নাটনিৰ প্রসংগত তেওঁ কয় যে প্রতিদিনে এক লাখ লোকক ভেকচিন দিব পাৰে যদিও ভেকচিন যোগানৰ প্রতি লক্ষ্য ৰাখি দৈনিক ৬০ হাজাৰকৈ লোকক দিয়া হৈছে৷

এতিয়ালৈ ৰাজ্যখনৰ ৪০ হাজাৰ লোকক ভেকচিন দিয়া হৈছে বুলি সদৰী কৰি কয় যে গুৱাহাটীতেই ৫ লাখ লোকে ভেকচিন লাভ কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে ভেকচিনৰ উৎপাদন ক্রমাগতভাৱে বৃদ্ধি পাব৷ চলিত মাহত প্রায় ৭ কোটি ভেকচিন উৎপাদন হৈছে৷ জুন, জুলাইত আৰু অধিক ভেকচিন উৎপাদন হ’ব৷ উৎপাদন যিমানেই অধিক হ’ব সিমানেই ৰাজ্যই অধিক হাৰত ভেকচিন লাভ কৰিব আৰু লোকক প্রদান কৰিব পাৰিব৷ ডিচেম্বৰৰ ভিতৰত সকলো লোকেই প্রথম আৰু দ্বিতীয় ড’জ লাভ কৰিবলৈ সক্ষম হ’ব বুলি কয়৷

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে কভিড ৰোগীৰ চিকিৎসাৰ নামত মাত্রাধিক ধন লোৱা বুলি উত্থাপিত অভিযোগৰ ভিত্তিত তেওঁ কয় যে এই সন্দর্ভত ৩ জুনত চৰকাৰে আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷ চৰকাৰী চিকিৎসালয়ত কভিড চিকিৎসাৰ ব্যৱস্থা কৰি দিয়াৰ পাছত ৰোগী ব্যক্তিগত চিকিৎসালয়লৈ কিয় যায় বুলিও মুখ্যমন্ত্রীয়ে প্রশ্ন কৰে৷ তেওঁ কয় যে কভিডৰ চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ত ঔষধৰ যিমান ব্যৱস্থা আছে, ব্যক্তিগত চিকিৎসালয়ত পর্যাপ্ত ব্যৱস্থা নাই বুলি আঙুলিয়াই দিয়ে৷ অসম-নগালেণ্ডৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে ইতিমধ্যে নগালেণ্ডৰ মুখ্যমন্ত্রীয়ে তেওঁলৈ এখন চিঠি দিছে৷ বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ কথা সদৰী কৰি কয় যে এই ক্ষেত্রত মন্ত্রী অতুল বৰাই নগালেণ্ডৰ মুখ্যমন্ত্রীৰ লগত যোগাযোগ অব্যাহত ৰাখিছে৷

 

 

most read news
    Cartoon
    View Older

     

    September 28, 2021


    Entertainment
    View Older


    From Our Archive

    Create Account