গুৱাহাটী,৭ জুন:ক'ভিডৰ সংহাৰী পৰিৱেশৰ মাজত আজি দেশবাসীক সম্বোধন কৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মূলতঃ ভাৰতবৰ্ষৰ ভেকচিনেচন প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে আজি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।
প্ৰথমে তেওঁ অক্সিজেনৰ নাটনিৰ কথা উল্লেখ কৰি কয়,"এপ্ৰিল আৰু মে' মাহত ভাৰতত অক্সিজেনৰ চাহিদা অকল্পনীয়ভাৱে বৃদ্ধি পাইছিল।ভাৰতৰ ইতিহাসত কেতিয়াও অক্সিজেনৰ ইমান প্ৰয়োজনীয়তা অনুভৱ কৰা হোৱা নাছিল।এই প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সকলোৱে মিলি জুলি কাম কৰিছিল আৰু আমি আন দেশৰ পৰাও সঁহাৰি পাইছিলোঁ।"
লগতে তেওঁ দেশবাসীক ভেকচিনৰ যোগান আৰু প্ৰদানৰ কথা উল্লেখ কৰি কয়,"দেশত অনাগত দিনত ভেকচিনৰ যোগান বৃদ্ধি হ'ব।আজি, ৭ টা কোম্পানীয়ে দেশত বিভিন্ন প্ৰকাৰৰ ভেকচিন প্ৰস্তুত কৰি আছে।তিনিটা ভেকচিনৰ পৰীক্ষণো চলি আছে।ভাৰতে এটা বছৰৰ ভিতৰত এটা নহয় দুটা মেড ইন ইণ্ডিয়া ভেকচিন মুকলি কৰে।আমাৰ দেশ, বিজ্ঞানীসকলে দেখুৱাইছে যে ভাৰত এতিয়া ডাঙৰ দেশবোৰতকৈ পিছ পৰি থকা নাই" ।
তেওঁ লগতে কয়,"২১ জুনৰ পৰা ভাৰত চৰকাৰে দেশৰ প্ৰতিখন ৰাজ্যক ১৮ বছৰৰ অধিক বয়সৰ সকলো নাগৰিকৰ বাবে বিনামূলীয়া ভেকচিন প্ৰদান কৰিব।ভাৰত চৰকাৰে ভেকচিন নিৰ্মাতাসকলৰ পৰা মুঠ ভেকচিন উৎপাদনৰ ৭৫ শতাংশ নিজে ক্ৰয় কৰিব আৰু ইয়াক ৰাজ্য চৰকাৰক বিনামূলীয়াকৈ দিব।"
Comments
কভিশ্বিল্ডৰ দুটা পালিয়ে কভাক্সিনতকৈ অধিক এণ্টিবডী প্ৰস্তুত কৰিবলৈ সক্ষম
Published on June 7, 2021|News Source : অৰূপ ডেকা
যদিও দুয়োটা ভেকছিনৰ পালিয়ে সুৰক্ষামূলক, তথাপিও ভেকছিনৰ এটা পালিয়ে প্ৰদান কৰা সুৰক্ষাৰ ক্ষেত্রত কিছু তাৰতম্য দেখা গৈছিল বুলি অধ্যয়নত প্ৰকাশ পাইছে। উল্লেখিত অধ্যয়নটোৰ বাবে, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মে' মাহলৈ ১৩ খন ৰাজ্য আৰু ২২ খন চহৰৰ মুঠ ৫১৫ জন স্বাস্থ্যসেৱা কৰ্মীক সামৰি লৈ মূল্যাঙ্কন কৰা হৈছিল।
অধ্যয়ন সন্দৰ্ভত এগৰাকী চিকিৎসা বিশেষজ্ঞই কয় যে, "কভিশ্বিল্ডৰ এটা পালিৰ ফলত কভাক্সিনতকৈ প্ৰায় ১০ গুণ এণ্টিবডী প্ৰস্তুত হয়, আৰু কভিশ্বিল্ড ভেকছিনৰ ফলত উৎপন্ন হোৱা এণ্টিবডীবোৰ কভাক্সিন ভেকছিন বোৰতকৈ প্ৰায় ছয় গুণ বেছি পৰিমাণে সক্রিয়। কলকাতাৰ জিডি হস্পিটেল এণ্ড ডায়েবেটিচ ইনষ্টিটিউটৰ জ্যেষ্ঠ চিকিৎসা বিষয়া আৰু অধ্যয়নৰ মাজৰ এগৰাকী লেখক ডাঃ এ.কে. সিঙে কয় যে, "ক'ভিডৰ দ্বিতীয় ঢৌৰ এপ্ৰিল মাহৰ পিছত ক'ভিড চিকিৎসালয় সমূহত বৰ্ধিত সংখ্যক ৰোগীৰ সংস্পর্শলৈ অহা প্ৰায় সংখ্যক চিকিৎসক সংক্ৰমিত হৈছে, যদিও কোনো ক্ষতিৰ পৰিণাম দেখিবলৈ পোৱা হোৱা নাই।"