গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্টাৰ, ৭ জুন ঃ ড্রাগ৲ছৰ বিৰুদ্ধে অভিযান চলাই ছ’চিয়েল মিডিয়াত নায়ক হিচাপে পৰিগণিত হোৱা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ বিৰুদ্ধে নিয়াৰ তদন্তৰ দাবী জনাইছে বিজেপিৰ প্রাক্তন সাংসদ ৰমেন ডেকাই৷ আজি ছ’চিয়েল মিডিয়া টুইটাৰত প্রাক্তন সাংসদজনে শেহতীয়াকৈ নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰা আনন্দ মিশ্রৰ বিৰুদ্ধে বিষোদগাৰ প্রকাশ কৰি কয় যে, নগাঁৱৰ বর্তমান আৰক্ষী অধীক্ষকজনৰ ভাবমূর্তিটো কৃত্রিম আৰু মিডিয়াৰ (সংবাদ মাধ্যম) সৃষ্ট৷ ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে তেওঁৰ কার্যকালৰ সময়ছোৱাৰ এক সঠিক তদন্ত হলে বহু কথাই পোহৰলৈ আহিব৷
এই ক্ষেত্রত নিয়াৰ তদন্তৰো দাবী জনায় প্রাক্তন সাংসদজনে৷ আনহাতে প্রাক্তন সাংসদজনে তেওঁৰ এই দাবী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু অসম আৰক্ষীৰো দৃষ্টি গোচৰ কৰিছে৷ প্রণিধানযোগ্য যে, প্রাক্তন সাংসদ ডেকাৰ এই টুইটৰ পাছতেই ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কিয়নো বর্তমানৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে কার্যনির্বাহ কৰি থকাৰ সময়ত চোৰাং গৰু সৰবৰাহ আৰু ড্রাগ৲ছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছিল বুলি সর্বত্রে প্রচাৰিত হৈছিল৷ আনকি তেওঁক ধুবুৰী জিলাৰ পৰা বদলি কৰাৰ সময়ত জিলাখনত এক আৱেগিক পৰিস্থিতিও সৃষ্টি হৈছিল৷
কিন্তু মিশ্রই ধুবুৰী এৰি থৈ অহাৰ পাছতে ধুবুৰীত সীমান্ত শাখাত নিয়োজিত যতীন দাস নামৰ উপ-আৰক্ষীজনক ড্রাগ৲ছ ব্যৱসায়ী চক্রৰ সৈতে মিলি ড্রাগ৲ছৰ ৰমৰমীয়া বেহাৰ লগতে চোৰাং গৰুৰ ব্যৱসায় চলাই থকাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰ পাছতে বিতর্কত সোমাই পৰিছে ধুবুৰীৰ প্রাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্র৷ পিছে এনে বিতর্কৰ মাজতে এজন প্রাক্তন সাংসদে মিশ্রৰ বিৰুদ্ধে নিয়াৰ তদন্ত দাবী জনোৱা কার্য বিশেষ লক্ষণীয় হৈ পৰিছে৷
Comments