গুৱাহাটী,৮ জুন:বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ বিশ্বই বনধ্বংস, জলবায়ু পৰিৱৰ্তন, বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি মানুহক সজাগ কৰি আহিছে। অৱশ্যে, কেৰালাৰ কোল্লাম জিলাৰ কেইজনমান ব্যক্তিৰ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতি ধাৰণাই বেলেগ আছিল।
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই কেৰালাৰ কেইজনমান যুৱকে ৰোপণ কৰে গাঞ্জাৰ পুলি। আবকাৰী বিভাগে মংগদৰ ওচৰৰ কুৰীস্বাদি জংচনৰ পৰা বাইপাছ ৰোডলৈ যোৱা ৰাস্তাৰ কাষৰ কান্দাচিৰা গাঁৱত উদ্ধাৰ কৰে এই গাঞ্জাৰ পুলিবোৰ ।
কোল্লাম এক্সাইজ স্পেচিয়েল স্কোৱাডৰ চাৰ্কোল ইন্সপেক্টৰ টি ৰাজীৱৰ প্ৰথমতে দৃষ্টিগোচৰ হৈছিল এই দৃশ্য, তেওঁ ভাবিছিল যে সচৰাচৰ পোৱা উদ্ভিদেই হয়তো তেওঁলোকে ৰোপণ কৰিছে। কিন্তু পিছত ৰোপণ কৰা ফটো যেতিয়া ভাইৰেল হ'ল তেতিয়াহে তেওঁ গম পাই ইয়াৰ কথা। তৎক্ষণাত তেওঁ আৰু তেওঁৰ দলটোৱে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ কৰে এই গাঞ্জাৰ পুলিবোৰ।উক্ত স্থানত গৈ তেওঁলোকে ক্ৰমান্বয়ে ৬০ চেণ্টিমিটাৰ আৰু ৩০ চেণ্টিমিটাৰ ওখ গছপুলি বিচাৰি পাইছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে কান্দাচিৰাৰ এজন বাসিন্দা যাক আগতে গাঞ্জা গোচৰত বন্দী কৰা হৈছিল এই ঘটনাটোৰ সৈতে সম্পৰ্কিত।অৱশ্যে,গছপুলিবোৰ পুলিচৰ আগমনৰ আগতেই ধ্বংস কৰা হৈছিল।
Comments
কভিশ্বিল্ডৰ দুটা পালিয়ে কভাক্সিনতকৈ অধিক এণ্টিবডী প্ৰস্তুত কৰিবলৈ সক্ষম
Published on June 7, 2021|News Source : অৰূপ ডেকা
যদিও দুয়োটা ভেকছিনৰ পালিয়ে সুৰক্ষামূলক, তথাপিও ভেকছিনৰ এটা পালিয়ে প্ৰদান কৰা সুৰক্ষাৰ ক্ষেত্রত কিছু তাৰতম্য দেখা গৈছিল বুলি অধ্যয়নত প্ৰকাশ পাইছে। উল্লেখিত অধ্যয়নটোৰ বাবে, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মে' মাহলৈ ১৩ খন ৰাজ্য আৰু ২২ খন চহৰৰ মুঠ ৫১৫ জন স্বাস্থ্যসেৱা কৰ্মীক সামৰি লৈ মূল্যাঙ্কন কৰা হৈছিল।
অধ্যয়ন সন্দৰ্ভত এগৰাকী চিকিৎসা বিশেষজ্ঞই কয় যে, "কভিশ্বিল্ডৰ এটা পালিৰ ফলত কভাক্সিনতকৈ প্ৰায় ১০ গুণ এণ্টিবডী প্ৰস্তুত হয়, আৰু কভিশ্বিল্ড ভেকছিনৰ ফলত উৎপন্ন হোৱা এণ্টিবডীবোৰ কভাক্সিন ভেকছিন বোৰতকৈ প্ৰায় ছয় গুণ বেছি পৰিমাণে সক্রিয়। কলকাতাৰ জিডি হস্পিটেল এণ্ড ডায়েবেটিচ ইনষ্টিটিউটৰ জ্যেষ্ঠ চিকিৎসা বিষয়া আৰু অধ্যয়নৰ মাজৰ এগৰাকী লেখক ডাঃ এ.কে. সিঙে কয় যে, "ক'ভিডৰ দ্বিতীয় ঢৌৰ এপ্ৰিল মাহৰ পিছত ক'ভিড চিকিৎসালয় সমূহত বৰ্ধিত সংখ্যক ৰোগীৰ সংস্পর্শলৈ অহা প্ৰায় সংখ্যক চিকিৎসক সংক্ৰমিত হৈছে, যদিও কোনো ক্ষতিৰ পৰিণাম দেখিবলৈ পোৱা হোৱা নাই।"