গুৱাহাটী,৮ জুনঃ অসম অলিম্পিক সন্থাৰ এটা প্ৰতিনিধি দলে অসমৰ নৱনিৰ্বাচিত ক্ৰীড়ামন্ত্ৰী বিমল বৰাক সাক্ষাৎ কৰাৰ লগতে সম্বৰ্ধনা জনায়। অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে অনাগত দিনত ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখন কিদৰে আগবঢ়াই লৈ যাব তাৰ ওপৰত দীৰ্ঘ সময় ধৰি আলোচনা কৰে।
প্ৰতিনিধি দলটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ক্ৰীড়ামন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে। ইয়াৰ ভিতৰত অন্যতম হল- ৰাষ্ট্ৰীয় পৰ্যায়ত ভাগ লবলগীয়া প্ৰতিগৰাকী খেলুৱৈক আৰ্থিক সাহায্য প্ৰদান কৰা, অসম ৰাজ্যিক পৰিবহণ নিগমে কম নিৰিখত খেলুৱৈক টিকত যোগান ধৰা আৰু অসম ৰাজ্যিক পৰিবহণ নিগমত চাকৰিৰ ক্ষেত্ৰত খেলুৱৈৰ বাবে কোটা সৃষ্টি কৰা, ৰাষ্ট্ৰীয় খেলুৱৈ আৰু অফিচিয়েলৰ বাবে ৰাজ্যৰ অতিথিশালাসমূহত থকাৰ বাবদ লোৱা মূল্য হ্ৰাস কৰা, হাৰিয়ানাত হবলগীয়া খেলো ইণ্ডিয়াৰ বাবে ৰাজ্যৰ ক্ৰীড়া বিভাগে অসম অলিম্পিক সন্থা আৰু ইয়াৰ অৰ্ন্তগত ক্ৰীড়া সন্থাসমূহক বিশ্বাসত লৈ কাম আগবঢ়াই নিয়া, অসম অলিম্পিক ভৱন নিৰ্মাণৰ বাবে সহায়ৰ হাত আগৱঢ়োৱা আদি। এই বিষয়বোৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাই গুৰুত্ব সহকাৰে লয় আৰু অচিৰেই ইয়াৰ সমাধান সুত্ৰ উলিওৱাৰ আশ্বাস দিয়ে।
আনহাতে, ক্ৰীড়ামন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱাৰ পূৰ্বে অসম অলিম্পিক সন্থাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ অন্যতম হল- ইণ্ডিয়ান অলিম্পিক সন্থাৰ অনুমোদন লৈ ৰাজ্যিক যুৱ ক্ৰীড়া অনুষ্ঠিত কৰা, ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ জৰিয়তে লক ডাউনৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা খেলুৱৈ আৰু অফিচিয়েল সকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকক সহায়ৰ দিহা কৰা, মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ ফালৰ পৰা আৰ্থিক অনুদান আগবঢ়োৱা, প্ৰয়োজনবোধ কৰা সকলৰ মাজত খাদ্য, মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰা ।
Comments
কভিশ্বিল্ডৰ দুটা পালিয়ে কভাক্সিনতকৈ অধিক এণ্টিবডী প্ৰস্তুত কৰিবলৈ সক্ষম
Published on June 7, 2021|News Source : অৰূপ ডেকা
যদিও দুয়োটা ভেকছিনৰ পালিয়ে সুৰক্ষামূলক, তথাপিও ভেকছিনৰ এটা পালিয়ে প্ৰদান কৰা সুৰক্ষাৰ ক্ষেত্রত কিছু তাৰতম্য দেখা গৈছিল বুলি অধ্যয়নত প্ৰকাশ পাইছে। উল্লেখিত অধ্যয়নটোৰ বাবে, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মে' মাহলৈ ১৩ খন ৰাজ্য আৰু ২২ খন চহৰৰ মুঠ ৫১৫ জন স্বাস্থ্যসেৱা কৰ্মীক সামৰি লৈ মূল্যাঙ্কন কৰা হৈছিল।
অধ্যয়ন সন্দৰ্ভত এগৰাকী চিকিৎসা বিশেষজ্ঞই কয় যে, "কভিশ্বিল্ডৰ এটা পালিৰ ফলত কভাক্সিনতকৈ প্ৰায় ১০ গুণ এণ্টিবডী প্ৰস্তুত হয়, আৰু কভিশ্বিল্ড ভেকছিনৰ ফলত উৎপন্ন হোৱা এণ্টিবডীবোৰ কভাক্সিন ভেকছিন বোৰতকৈ প্ৰায় ছয় গুণ বেছি পৰিমাণে সক্রিয়। কলকাতাৰ জিডি হস্পিটেল এণ্ড ডায়েবেটিচ ইনষ্টিটিউটৰ জ্যেষ্ঠ চিকিৎসা বিষয়া আৰু অধ্যয়নৰ মাজৰ এগৰাকী লেখক ডাঃ এ.কে. সিঙে কয় যে, "ক'ভিডৰ দ্বিতীয় ঢৌৰ এপ্ৰিল মাহৰ পিছত ক'ভিড চিকিৎসালয় সমূহত বৰ্ধিত সংখ্যক ৰোগীৰ সংস্পর্শলৈ অহা প্ৰায় সংখ্যক চিকিৎসক সংক্ৰমিত হৈছে, যদিও কোনো ক্ষতিৰ পৰিণাম দেখিবলৈ পোৱা হোৱা নাই।"