গুৱাহাটী,৮ জুন: ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল ছেত্ৰী৭৪ টা আন্তঃৰাষ্ট্ৰীয় গ'লৰ সৈতে দ্বিতীয় সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ'ল প্ৰদান কৰা খেলুৱৈ হিচাপে বিবেচিত হৈছে।৩৬ বছৰীয়া ছেত্ৰীয়ে সোমবাৰে নিশা অনুষ্ঠিত হোৱা ২০২২ ফিফা বিশ্বকাপ আৰু ২০২৩ এএফচি এছিয়ান কাপৰ যুটীয়া প্ৰাথমিক যোগ্যতা নিৰ্ণায়ক খেলত বাংলাদেশৰ বিৰুদ্ধে আচৰিত কৌশলেৰে খেলি কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।
বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলত ভাৰতক ছয় বছৰৰ ভিতৰত প্ৰথমটো জয় সাব্যস্ত কৰাত সহায় কৰা কৌশলেৰে পৰিপূৰ্ণ খেলুৱৈ জনে বৰ্তমান সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় গ'ল সংগ্ৰাহকৰ তালিকাত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ড' (১০৩)ৰ পিছৰ স্থানত উপনীত হৈছে। ছেত্ৰী বাৰ্চিলোনাৰ তাৰকা মেছিতকৈ দুটা গ'লত আগুৱাই আছে।
ভাৰতীয় অধিনায়ক গৰাকী বিশ্ব ফুটবলৰ সৰ্বকালৰ শীৰ্ষ ১০ খন তালিকাত প্ৰৱেশ কৰাৰ পৰা মাত্ৰ এটা স্থান পিছপৰি আছে। ছেত্ৰী হাংগেৰীৰ চেণ্ডোৰ কোচিছ, জাপানৰ কুনিশিগে কামামোটো আৰু কুৱেইটৰ বাছাৰ আব্দুল্লাৰ পিছত আছে। যিসকলে ৭৫ টাকৈ আন্তঃৰাষ্ট্ৰীয় গ'ল কৰিছে। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন (এআইএফএফ)ৰ সভাপতি প্ৰফুল পেটেলে ভাৰতীয় অধিনায়কগৰাকীক তেওঁৰ সফলতাৰ বাবে প্ৰশংসা কৰিছে।
পৰৱৰ্তী ১৫ জুনত ভাৰতৰ আৰু আফগানিস্তানৰ যোগ্যতা নিৰ্ণায়ক খেল অনুষ্ঠিত হ'ব।
Comments