গুৱাহাটীঃ ষ্টাফ ৰিপ’র্ৰ, ৮ জুন ঃ শ্রম মন্ত্রী সঞ্জয় কিষাণে তেওঁৰ বিভাগত স্বজন-তোষণেৰে দিয়া নিযুক্তিৰ কথা ফাদিল হোৱাৰ পাছত ড০ হিমন্ত বিশ্ব শর্মা-নেতৃত্বাধীন মন্ত্রীসভাত জোকাৰণিৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে পূর্বৰ বিজেপি মিত্রজোঁট চৰকাৰৰ সময়তো শ্রম মন্ত্রী হৈ থকা কিষাণে তেওঁৰ ১০গৰাকীকৈ আত্মীয় আৰু বিশ্বস্ত কর্মচাৰীৰ পৰিয়ালৰ সদস্যক শ্রম বিভাগৰ বিভিন্ন পদত নিযুক্তি দিয়াৰ তথ্য মুকলি হৈছে৷
বর্তমানে ড০ শর্মা-নেতৃত্বাধীন মন্ত্রীসভাতো কিষাণক শ্রম বিভাগৰ কেবিনেট মন্ত্রীৰ দায়িত্ব দিয়া হৈছে৷ সংবাদ মাধ্যমত শ্রম মন্ত্রী কিষাণৰ নিযুক্তি কেলেংকাৰিৰ তথ্য ৰাজহুৱা হোৱাৰ পাছত মন্ত্রীজনৰ ওপৰত অসন্তুষ্ট হৈ পৰিছে মুখ্যমন্ত্রী ড০ শর্মা৷ বিজেপি মিত্রজোঁটৰ দ্বিতীয়খন চৰকাৰৰ এমাহ সম্পূর্ণ হোৱাৰ সময়ত মন্ত্রীয়ে স্বজন-তোষণেৰে দিয়া নিযুক্তি ৰাজহুৱা হোৱাত অসন্তুষ্ট মুখ্যমন্ত্রী ড০ শর্মাই আজি কেবিনেটত শ্রম মন্ত্রী কিষাণক সতর্ক কৰি দিয়ে বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে মুখ্যমন্ত্রী ড০ শর্মাই কিষাণকে নহয় আন সকলো মন্ত্রীক নিযুক্তিৰ
লগতে চৰকাৰী কাম-কাজত পৰিয়ালতন্ত্র নচলাবলৈ সতর্ক কৰি দিয়ে৷ ইফালে কেবিনেট বৈঠকত গ্রহণ কৰা সিদ্ধান্ত সদৰী কৰিবলৈ অনুষ্ঠিত কৰা সংবাদ মেলত সাংবাদিকে মন্ত্রী সঞ্জয় কিষাণৰ নিযুক্তি কেলেংকাৰিৰ কথা উনুকিয়াই দিয়াত ৰাজ্য চৰকাৰৰ মুখপাত্র পীয়ুষ হাজৰিকাই কয় যে যদিহে তেওঁ সঁচাকৈ জড়িত তেন্তে মুখ্যমন্ত্রীয়ে নিশ্চয় তদন্ত কৰি ব্যৱস্থা ল’ব৷ বর্তমানৰ চৰকাৰখনৰ মুখ্যমন্ত্রীয়ে পৰিয়ালতন্ত্রক কেতিয়াও সহ্য নকৰে৷ এই ক্ষেত্রত মুখ্যমন্ত্রীয়ে সকলো মন্ত্রীকে সতর্ক কৰিও দিছে৷
Comments