গুৱাহাটী, ৯ জুন: ৱাশ্বিংটনত অনুজ্ঞাপত্ৰ থকা গাঞ্জাৰ বিপনীসমূহে ক'ভিড-১৯ ভেকছিন গ্ৰহণ কৰা প্ৰাপ্তবয়স্ক লোকসকললৈ বিনামূলীয়া ভাৱে গাঞ্জা প্ৰদান কৰিব বুলি বিষয়া সকলে ব্যপকভাবে প্ৰচাৰ চলোৱা কাৰ্য্যত সকলোৱে আকৃষ্ট হোৱা দেখা গৈছে।
ৱাশ্বিংটনৰ ৰাজ্যিক সুৰা আৰু গাঞ্জা ব'ৰ্ডে এই প্ৰচেষ্টাক "জইন্টছ ফৰ জেবছ" কাৰ্যসূচী বুলি অভিহিত কৰিছে। উক্ত বিষয় সন্দৰ্ভত ব'ৰ্ডে কয় যে, "২১ বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্ক ব্যক্তিয়ে ১২ জুলাইৰ ভিতৰত ভেকছিন গ্ৰহণ কৰিলে অনুজ্ঞাপ্ৰাপ্ত থকা বিপনীসমূহৰ পৰা বিনামূলীয়াকৈ গাঞ্জা লাভ কৰিব পাৰিব।"
ব'ৰ্ডে ইতিমধ্যে ব্ৰুৱেৰী, ৱাইনৰি আৰু ৰেষ্টুৰেণ্টবোৰক টিকাকৰণৰ প্ৰমাণৰ বিনিময়ত বিনামূলীয়া সুৰা আগবঢ়োৱাৰ অনুমতি দিছে। যদিও সুৰা ব্যৱসায় কৰা প্ৰতিষ্ঠানবোৰে সামগ্ৰীসমূহ প্ৰদান কৰিবলৈ অন-চাইট ক্লিনিক আয়োজন কৰিব লগা হোৱা নাই। ৱাশ্বিংটনত আগবঢ়োৱা অন্যান্য প্ৰেৰণাবোৰ হৈছে বিনামূলীয়া ক্ৰীড়া টিকট আৰু ১ নিযুত ডলাৰ পুৰষ্কাৰৰ ধন। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে অধিক লোকক টীকাকৰণ কৰিবলৈ অনুপ্ৰেৰিত কৰা, ক'ৰনা ভাইৰাছ নিয়ন্ত্ৰণ কৰাত সহায় কৰা আৰু লগতে ৱাশ্বিংটনক অধিক দ্ৰুততাৰে আৰোগ্য হোৱাত সহায় কৰা।
ৰাজ্যপাল জে ইন্সলীয়ে ১৬ বছৰতকৈ অধিক বয়সৰ কমেও ৭০ শতাংশ লোক, যিসকলে ভেকছিনৰ প্ৰথম পালি প্ৰাপ্ত কৰিছে। তেওঁলোকৰ ক্ষেত্রত সকলো ক'ভিড-১৯ৰ প্ৰতিবন্ধকতা চলিত মাহৰ শেষৰ পৰা উঠাই ল'বলৈ নিৰ্দেশ দিছে। শেষত ব'ৰ্ডে জনাই যে, "অনুজ্ঞাপত্ৰ থকা গাঞ্জাৰ বিপনীসমূহে প্ৰদান কৰোতে সকলোৰে নাম সন্নিবিষ্ট কৰি ৰাখিব লাগিব।
Comments
১০ টা সন্তান প্ৰসৱ কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিলে দক্ষিণ আফ্ৰিকাৰ এগৰাকী মহিলাই
Published on June 9, 2021|News Source : অৰূপ ডেকা
আনহাতে মহিলাগৰাকীৰ স্বামী টেবোহো টচ'টেটচিয়ে কয় যে তেওঁ লোকৰ ছয় বছৰীয়া যমজ সন্তানো আছে আৰু বৰ্তমান এই খবৰটিয়ে তেওঁক অতি বেছি আনন্দিত আৰু আৱেগিক কৰি তুলিছে। ইয়াৰ পূর্বে চিথ'লে পৰীক্ষা কৰাত ৮টা সন্তান দেখিবলৈ পাইছিল কিন্তু পৰৱৰ্তী সময়ত স্পষ্টভাৱে স্কেন কৰাত ২ টা সন্তান নলীৰ ভিতৰত সোমাই থকা দেখা গৈছিল।
আনহাতে ১০ গৰাকী সন্তান জন্ম দি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰা মহিলাগৰাকীয়ে গৰ্ভধাৰণ সংক্রান্তত কয় যে, " মই মোৰ গৰ্ভধাৰণত হতবাক হৈছোঁ। আৰম্ভণিতে এইটো অত্যন্ত কঠিন যেন অনুভব আছিল। মই অসুস্থ হৈ পৰিছিলো। মই যথেষ্ট বিষ অনুভৱ কৰিছিলো, কিন্তু এতিয়া ঈশ্বৰৰ কৃপাত ১০ টাকৈ সন্তান প্রসৱ কৰাৰ পিছত মই যথেষ্ট সুখী।
চিথ'লে বিগত মে' মাহত মৰক্কোৰ এখন চিকিৎসালয়ত ৯ টা সন্তান জন্ম দিয়া চিছে নামৰ মহিলা এগৰাকীৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে।"