গুৱাহাটী, ৯ জুন: সময়ৰ লগে লগে অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাইফক প্ৰায়ে বিভিন্ন অনুষ্ঠানত ৰোমাঞ্চৰ বাবে শিৰোনাম দখল কৰি অহা পৰিলক্ষিত হৈছে। যদিও দুয়োগৰাকীয়ে নিজৰ প্ৰেমজনিত সম্পর্কক লৈ নীৰৱ হৈ আছে। তথাপিও অনিল কাপুৰৰ সুপুত্ৰ হৰ্ষ বৰ্ধন কাপুৰে তেওঁলোকৰ প্ৰেমজনিত সম্পৰ্ক নিশ্চিত কৰে।
উক্ত ঘটনা সন্দৰ্ভত হৰ্ষক দুয়োগৰাকী তাৰকাৰ প্ৰেমৰ কথা সোধাত হৰ্ষে কয় যে, "বিকি আৰু কেটৰিনা প্ৰেমৰ সম্বন্ধত আৱদ্ধ হৈছে, এইটো সঁচা কথা। শেহতীয়াকৈ চলিত সপ্তাহত কেটৰিনা কাইফৰ ভৱনত দুয়োগৰাকী তাৰকা প্ৰেমিক-প্ৰেমিকাক একেলগে দেখা পোৱা গৈছিল। 'উৰি' চলচ্চিত্রত দুৰ্দান্ত অভিনয় কৰা অভিনেতা বিকিয়ে দুপৰীয়া ৩:৩০ বজাত কেটৰিনাৰ বাসগৃহত উপস্থিত হৈছিল আৰু নিশা ৮:৩০ বজাত কেটৰিনাক বিদায় জনাই উক্ত স্থানৰ পৰা ৰাওনা হৈছিল।
বিগত বৰ্ষত ৫ এপ্ৰিলত বিকি কৌশলে কেটৰিনাৰ বাসগৃহলৈ গৈছিল আৰু পৰৱৰ্তী সময়ত দুয়োগৰাকীয়ে ক'ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল। পিছত ক্ৰমে ১৬ আৰু ১৭ এপ্ৰিলত দুয়োগৰাকী তাৰকা ক'ভিড-১৯ৰ পৰা আৰোগ্য হয়। আনহাতে আগন্তুক সময়ত কেটৰিনাক অক্ষয় কুমাৰৰ সৈতে 'সূৰ্যবংশী' চলচ্চিত্র অভিনয় কৰা দেখা পোৱা যাব। লগতে বিকিয়ে পৰৱৰ্তী সময়ত আদিত্য ধৰৰ দ্বাৰা পৰিচালিত 'দ্য ইমৰ্টেল অশ্বথামা'ত অভিনয় কৰিব বুলি খবৰ পোৱা গৈছে।
Comments