Choose Language

  • All  
  • English
  • অসমীয়া

ৰাজহুৱা মঞ্চত ভেকছিন উপলব্ধতাৰ বিষয়ে অৱগত নকৰিব: কেন্দ্রৰ ৰাজ্য চৰকাৰসমূহলৈ পৰামৰ্শ


Published on June 10, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

অসমলৈ ৰাজহ ঘাটিৰ বাবে মুকলি কৰা হ'ল ৫৩১.৩৩ কোটি টকাৰ অনুদান 


Published on June 10, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১০ জুন: ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে অসমলৈ ৫৩১.৩৩ কোটি টকা হস্তান্তৰ কৰি ৰাজহ ঘাটি অনুদানৰ তৃতীয় মাহিলী কিস্তি মুকলি কৰি দিয়ে। ২০২১-২২ বৰ্ষৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত অসমলৈ মুকলি কৰা মুঠ পৰিমাণ হৈছে ১৫৯৩.৯৯ কোটি টকা। তদুপৰি, ২০২১-২২ বৰ্ষৰ পৰা ১৭ খন ৰাজ্যলৈ ৯,৮৭১ কোটি টকাৰ হস্তান্তৰ ৰাজহ ঘাটি (পিডিআৰডি) অনুদানৰ তৃতীয় মাহিলী কিস্তি মুকলি কৰা হৈছে।

তৃতীয় কিস্তি মুকলি হোৱাৰ লগে লগে, চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত ৰাজ্যসমূহক ২৯,৬১৪ কোটি টকাৰ ৰাজহ ঘাটিৰ অনুদান মুকলি কৰা হৈছে।
কেন্দ্ৰই সংবিধানৰ ২৭৫ অনুচ্ছেদৰ অধীনত ৰাজ্যসমূহক ৰাজহ ঘাটি অনুদান প্ৰদান কৰে। ৰাজহ ঘাটি হস্তান্তৰৰ পিছত ৰাজ্যসমূহৰ ৰাজহ একাউণ্টৰ ব্যৱধান পূৰণ কৰাৰ বাবে মাহিলী কিস্তিত বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি অনুদান মুকলি কৰা হয়।  পঞ্চদশ বিত্ত আয়োগে ১৭ খন ৰাজ্যক হস্তান্তৰ কৰা ৰাজহ ঘাটি মুকলি কৰাৰ পিছত উক্ত ঘাটিৰ অনুদানৰ পৰামৰ্শ আগবঢ়াইছে। 

অসমৰ উপৰিও, ৰাজহ ঘাটি হস্তান্তৰ কৰিবৰ বাবে অনুমোদিত হোৱা অন্য ৰাজ্যসমূহ হৈছে অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, কেৰালা, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, পঞ্জাৱ, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰাখণ্ড আৰু পশ্চিম বংগ। আয়োগে ৰাজ্যসমূহৰ ৰাজহ আৰু ব্যয়ৰ মূল্যাঙ্কনৰ মাজৰ ব্যৱধানৰ ওপৰত আধাৰিত কৰি অনুদানৰ পৰিমাণ প্ৰদান কৰা আৰু যোগ্যতা নিৰ্ধাৰণ কৰিছিল। পঞ্চদশ বিত্ত আয়োগে ২০২১-২২ বিত্তীয় বৰ্ষত ১৭ খন ৰাজ্যক মুঠ ১,১৮,৪৫২ কোটি টকাৰ ৰাজহ ঘাটিৰ অনুদান আগবঢ়োৱাৰ বাবে পৰামৰ্শ দিয়ে।

Cartoon
View Older

 

October 21, 2021


Entertainment
View Older


From Our Archive

Create Account