গুৱাহাটী,১০ জুন:আজি বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ ৷ নাছাৰ তথ্য অনুসৰি কানাডা, গ্ৰীণলেণ্ড আৰু উত্তৰ ৰাছিয়াৰ লোকসকলে বৃত্তাকাৰ ৰূপত এই সূৰ্যগ্ৰহণ দেখা পাব ৷ যাক সহজ ভাষাত কোৱা হয় ৰিং অৱ ফায়াৰ ৷ তদুপৰি পূৱ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উত্তৰ আলাস্কা, ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ আকাশতো আংশিকভাৱে দৃশ্যমান হ’ব সূৰ্যগ্ৰহণ ৷
ভাৰতীয় সময় অনুসৰি আজি দুপৰীয়া ১ বাজি ৪২ মিনিটৰ পৰা সন্ধিয়া ৬ বাজি ৪১ মিনিটলৈকে চলিব সূৰ্যগ্ৰহণ ৷ ভাৰতৰ আকাশতো এই "ৰিং অৱ ফায়াৰ" দেখা পোৱা যাব ৷ অসমৰ ভিন্ন প্ৰান্তৰ লগতে অৰুণাচল প্ৰদেশত আংশিকভাৱে দৃশ্যমান হ’ব এই সূৰ্যগ্ৰহণ ৷
নাছাৰ তথ্য মতে, মানুহে তেওঁলোকৰ চকু সুৰক্ষিত কৰি ৰাখিবলৈ বিশেষ ধৰণৰ ফিল্টাৰ থকা চশমা ব্যৱহাৰ কৰা উচিত। নাছাই ঘৰতে বনোৱা ফিল্টাৰ চশমা বা কোনো সাধাৰণ চানগ্লাছ ব্যৱহাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।
মহাকাশবিজ্ঞানত আগ্ৰহী লোকসকলে তেওঁলোকৰ কেমেৰাৰে ইয়াৰ চিত্ৰ তুলিব পাৰিব কিন্তু সেয়া নকৰাটোৱে চকুৰ কাৰণে শ্ৰেয় বুলি নাছাই উল্লেখ কৰিছে । সূৰ্যগ্ৰহণৰ সময়ত লোকসকলে তেওঁলোকৰ গাড়ীৰ হেডলাইট জ্বলাই গাড়ী চলাবলৈ আৰু গতি নিয়ন্ত্ৰণত ৰাখিবলৈ নিৰ্দেশ দিছে ।
জ্যোতিষশাস্ত্ৰৰ মতে এই সূৰ্যগ্ৰহণ শনি জয়ন্তীৰ সৈতে একত্ৰিত হৈছে অৰ্থাৎ ভগৱান শনিৰ (শনি) জন্ম জয়ন্তী । ১৪৮ বছৰ আগতে ১৮৭৩ চনৰ ২৬ মে' তাৰিখে শেষবাৰৰ বাবে এনেদৰে শনিৰ জন্ম জয়ন্তীত সূৰ্যগ্ৰহন সংঘটিত হৈছিল। শনি সূৰ্যৰ সন্তান।
Comments
বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
Published on June 10, 2021|News Source : অৰূপ ডেকা
ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ কিছু নামনি এলেকা পানীৰে ভৰি পৰিছে আৰু উদ্যান খনৰ পথবোৰ পানীৰে ভৰি পৰিছে বুলি উদ্যানৰ বনকৰ্মীসকলে জনায়। উদ্যান কৰ্তৃপক্ষই তেওঁলোকৰ নিয়মীয়া কৰ্তব্য পৰিচালনা কৰিবলৈ হাতেৰে চলোৱা তীব্রবেগী নাওঁ ব্যৱহাৰ কৰি আছে। বুঢ়াপাহাৰ ৰেঞ্জত ৩০ খন হাতেৰে চলোৱা নাওঁ আৰু ৩ খন তীব্ৰবেগী নাওঁ সাজু কৰি তোলা হৈছে।
আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানৰ ভিতৰুৱা অঞ্চলৰ ঘাইপথৰ মাজেৰে মটৰ বাহন চলাচলৰ বাবে ১৪৪ ধাৰা জাৰি কৰিছে।