গুৱাহাটী, ১০ জুন: নগালেণ্ডৰ কৰনা আক্রান্ত ৰোগী বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ১৮ জুন পর্যন্ত কভিড-১৯ লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে। পূৰ্বে ৰাজ্যখনত ১১ জুনলৈ লকডাউন বলৱৎ কৰা হৈছিল যদিও কভিড আক্রান্ত ঘটনাৰ বৃদ্ধি হোৱা বাবে ৰাজ্য চৰকাৰে উক্ত পদক্ষেপ গ্ৰহণ কৰিছে।
উক্ত বিষয় সন্দৰ্ভত নাগালেণ্ড চৰকাৰৰ মুখপাত্ৰ মমহ'নলুমো কিকনে টুইটাৰযোগে সদৰি কৰে যে, "সকলো জিলা টাস্ক ফ'ৰ্চৰ সৈতে পুংখানুপুংখ আলোচনাৰ পিছত উচ্চ পর্যায়ৰ সমিতিয়ে অধিক শিথিলতাৰ সৈতে ক'ভিড লকডাউন ১৮ জুনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। জিলাসমূহৰ পৰিস্থিতি অনুসৰি সংশ্লিষ্ট জিলা টাস্ক ফৰ্চে শিথিলতাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব।"
ৰাজ্যখনত প্ৰথম ১৪ মে'ৰ পৰা ২১ মে'লৈ সম্পূৰ্ণ লকডাউন জাৰি কৰি আৰোপ কৰা হৈছিল। পৰৱৰ্তী সময়ত ৩১ মে' আৰু তাৰ পিছত ১১ জুনলৈ বৃদ্ধি কৰা হয়। আনহাতে বৰ্তমান ৰাজ্যখনত ৩,৮৯৩ জন সক্রিয় কভিড ৰোগী আছে। ইয়াকে লৈ ৰাজ্যখনৰ মুঠ কভিড আক্রান্ত ৰোগীৰ সংখ্যা ২৩,২৩৭ জনলৈ বৃদ্ধি পাইছে। লগতে ৰাজ্যখনত কভিড আক্রান্ত হৈ মুঠ ৪২১ জন লোক মৃত্যুমুখত পৰিছে।
Comments
মণিপুৰৰ তাৰকা বক্সাৰ ডিংকো সিঙৰ দেহাৱসান
Published on June 10, 2021|News Source : অৰূপ ডেকা
ডিংকো সিঙে ১৯৯৮ চনত বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল। ভাৰত চৰকাৰে মণিপুৰৰ তাৰকা বক্সাৰ গৰাকীক "পদ্মশ্ৰী" আৰু অৰ্জুন বটাৰেও বিভূষিত কৰিছিল।
বক্সাৰ ডিংকোৱে ভাৰতীয় নৌ সেনাতো সেৱা আগবঢ়াইছিল আৰু তাৰকা বক্সাৰ গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ লগতে সমগ্ৰ ক্ৰীড়া মহলে গভীৰ শোক প্ৰকাশ কৰিছে।