গুৱাহাটী, ১০ জুন: কিংবদন্তী বাংলা চলচ্চিত্ৰ নিৰ্মাতা বুদ্ধদেৱ দাসগুপ্তৰ আজি ৭৭ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত দক্ষিণ কলকাতাৰ নিজ বাসগৃহত পুৱা ৮ বজাত মৃত্যু হয়। চলচ্চিত্ৰ নিৰ্মাতা ৰাজ চক্ৰৱৰ্তীয়ে প্ৰবীণ পৰিচালকজনৰ মৃত্যুত শোক প্ৰকাশ কৰা টুইটাৰযোগে কয় যে, "অসংখ্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা, কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰখ্যাত কবি বুদ্ধদেৱ দাসগুপ্তৰ মৃত্যুত তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও টুইটাৰযোগে বুদ্ধদেৱ দাসগুপ্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটাৰযোগে কয় যে, "বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা বুদ্ধদেৱ দাসগুপ্তৰ মৃত্যুত অতিকৈ দুঃখিত। তেওঁৰ ৰচনাসমূহৰ জৰিয়তে, সুন্দৰ চলচ্চিত্ৰ আৰু গীতৰ সঞ্চাৰ কৰিছিল।তেওঁৰ মৃত্যুৱে চলচ্চিত্ৰ জগতখনত এক বৃহৎ ক্ষতিসাধন কৰিছে। তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছো।"
বুদ্ধদেৱ দাসগুপ্তৰ পাঁচখনকৈ চলচ্চিত্ৰই শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। আনহাতে তেওঁ দুবাৰ শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। ২০০৮ চনৰ ২৭ মে'ত মাদ্ৰিদত অনুষ্ঠিত স্পেইন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁক জীৱনজোৰা কৃতিত্ব বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁ বাঘ বাহাদুৰ, লাল দৰ্জা, কালপুৰুষ আৰু মিথুন চক্ৰৱৰ্তী অভিনীত তাহাদেৰ কথা চলচ্চিত্রৰ বাবে সৰ্বাধিক পৰিচিত হৈছিল।
Comments