Classifieds
View All
গুৱাহাটী, ১১ জুন: পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এল পি জি গ্ৰাহকসকলৰ এটি ভাল খবৰ লৈ আহিছে। কিয়নো এতিয়াৰে পৰা গ্ৰাহকসকলে নিজ পছন্দৰ বিতৰকৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব। লগতে গ্ৰাহকসকলে তেওঁলোকৰ অইল মাৰ্কেটিং কোম্পানীৰ (ওএমচি) ভিতৰত তেওঁলোকৰ ঠিকনা পূৰণ কৰা বিতৰকৰ তালিকাৰ পৰা তেওঁলোকৰ "ডেলিভাৰী ডিষ্ট্ৰিবিউটৰ" বাছনি কৰিবলৈ সক্ষম হ'ব।
উক্ত সুবিধাৰ পৰীক্ষণ স্বৰূপে প্ৰথমে চণ্ডীগড়, কইম্বাট’ৰ, গুৰুগ্ৰাম, পুনে আৰু ৰাঁচীত শীঘ্রে উপলব্ধ কৰোৱা হ'ব। পঞ্জীভুক্ত লগইন ব্যৱহাৰ কৰি ম'বাইল এপ/গ্ৰাহক পৰ্টেলৰ জৰিয়তে এলপিজি ৰিফিল বুক কৰাৰ সময়ত, গ্ৰাহকক তেওঁলোকৰ ডেলিভাৰী কৰা বিতৰকৰ তালিকা প্ৰদৰ্শন কৰা হ'ব। গ্ৰাহকে এলপিজি ৰিফিল ডেলিভাৰীৰ বাবে তেওঁৰ এলেকাৰ বাবে প্ৰযোজ্য তালিকাৰ যিকোনো বিতৰক বাছনি কৰিব পাৰে।
Comments