Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

ওজন হ্ৰাসৰ বাবে এই ৫ বিধ খাদ্যৰ সংমিশ্ৰণ গ্ৰহণ কৰক, প্ৰভাৱ শীঘ্রে পৰিলক্ষিত কৰিব


Published on June 10, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

লকডাউনত পেট-কঁকালৰ মেদ হ্ৰাস কৰক: ওজন হ্ৰাস কৰাৰ সহজ পদ্ধতি 


Published on May 27, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ২৭ মে': ক'ভিড-১৯ ৰ লকডাউনৰ ফলত বহুতো লোকৰ শাৰীৰিক আৰু মানসিক দিশত ব্যাপক পৰিৱৰ্তন হোৱা দেখা গৈছে। লকডাউনৰ ফলত বহুতো লোক মেদবহুলতাৰ সমস্যাত ভোগা দেখা গৈছে। ইয়াৰ বাবে ব্যায়াম কৰাৰ লগে লগে নিয়মিত ভাৱে উপযুক্ত আহাৰ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী। 

শৰীৰৰ ওজন অতি সহজে হ্ৰাস কৰাটো এটা অতি প্ৰত্যাহ্বানমূলক কাম। অত্যধিক শৰীৰ চৰ্চা অথবা ব্যায়মৰ ফলত শৰীৰৰ ওজন হ্রাস হ'ব পাৰে কিন্তু শৰীৰ অতি দুৰ্বল হৈ পৰিব পাৰে। লগতে অন্য ৰোগতো আক্রান্ত হোৱাৰ সম্ভাৱনা অধিক। ব্যায়াম আৰু উপযুক্ত খাদ্য দুয়োটাই এখন চাইকেলৰ দুটি চকাৰ দৰে। ব্যায়মৰ ফলত শৰীৰ সুস্থ কৰাৰ লগতে সহনশীলতা বৃদ্ধি কৰিব পাৰি।

আনহাতে উপযুক্ত আহাৰত মজুত থকা ভিটামিন আৰু খনিজপদাৰ্থ গ্ৰহণ কৰাৰ ফলত দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে শৰীৰক শক্তি প্ৰদান কৰে আৰু পুষ্টিৰ অভাৱ পূৰণ কৰে। কিন্তু একে সময়তে অত্যাধিক শৰ্কৰাযুক্ত আহাৰ গ্ৰহণ কৰাৰ ফলত শৰীৰত নানান ৰোগে দেখা দিব পাৰে। 


তেনে ক্ষেত্ৰত, শৰীৰৰ ওজন হ্রাস কৰাৰ ক্ষেত্রত নিম্নলিখিত পৰামৰ্শবোৰ অনুসৰণ মেদবহুলতাৰ পৰা মুক্তি পোৱাত সহজ হ'ব পাৰে:

১. ওজন হ্ৰাসৰ বাবে ফল আৰু পাচলি অতি গুৰুত্বপূৰ্ণ। ই ওজন হ্ৰাসত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ফল আৰু সেউজীয়া শাক-পাচলিত উচ্চ পৰিমাণৰ ফাইবাৰ পোৱা যায়। যিয়ে শৰীৰক আৰোগ্য কৰি ৰখাৰ লগতে পুষ্টিৰ অভাৱ পূৰণ কৰে। 

২. উপযুক্ত খাদ্য আৰু ব্যায়ামৰ লগতে শৰীৰক শিথিল ৰাখিবলৈ শৰীৰক আৰাম দিয়াটো অত্যন্ত জৰুৰী। সঠিক পৰিমাণৰ টোপনিয়ে শৰীৰক পুনৰাই শক্তি প্ৰদান কৰি সুস্থ কৰি তোলে৷

৩. সেউজীয়া চাহপাত, অথবা চাহ সেৱন কৰাটো দৈনন্দিন তালিকাত অন্তৰ্ভুক্ত কৰাটো শৰীৰৰ পক্ষে ভাল। 

৪. ব্যায়মৰ অন্তত যিমান সম্ভৱ পানী সেৱন কৰাটো উচিত। ইয়াৰ ফলত শৰীৰৰ পৰা ঘাম আকাৰে ওলাই যোৱা পানীৰ পৰিমাণ বৰ্তাই ৰখাত সহায় কৰে। 

৫. শৰীৰৰ ওজন আৰু পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ ঘেঁহুৰ সলনি বাৰ্লি, বাজৰা আদি গ্ৰহণ কৰিব পাৰি। 

৬. ফাইবাৰ আৰু অ’মেগা সমৃদ্ধ আহাৰে শৰীৰৰ ওজন হ্ৰাস কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। 

৭. কুহুমীয়া পানীত মৌ মিহলি কৰি সেৱন কৰিলে শৰীৰৰ মেদ আঁতৰ হোৱাত সহায় কৰে।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account