গুৱাহাটী, ১০ জুন: কৃষি আইনক লৈ প্ৰতিবাদ চলি থকাৰ মাজতে কৃষকসকলৰ সৈতে আলোচনাত বহিবলৈ চৰকাৰ সাজু হৈছে বুলি কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে জানিবলৈ দিয়ে। উক্ত বিষয় সন্দৰ্ভত কৃষি মন্ত্ৰী গৰাকীয়ে কয় যে, "চৰকাৰে কৃষি আইনৰ লগতে অন্যান্য বিষয়ৰ ওপৰত আলোচনাৰ বাবে সাজু হৈছে। যদিহে কৃষকসকলে কৃষি আইনৰ ওপৰত তেওঁলোকৰ উদ্বেগযুক্ত মন্তব্য প্রদান নকৰে, তেন্তে ইয়াৰ চৰকাৰে এই বিষয়ৰ ওপৰত শীঘ্রে আলোচনাত বহিব।"
ইয়াৰ লগতে নীতি আয়োগৰ সদস্য ৰমেশ চান্দে কয় যে, "তিনিওখন কৃষি আইন প্ৰত্যাহাৰৰ দাবী কৰাৰ পৰিৱৰ্তে কৃষকসকলে চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ বিসংগতিসমূহ যুক্তিসহকাৰে দেখুৱাই দিব লাগে।"
চান্দে লগতে কয়, "কৃষকসকলে যদিহে কোনোবা ক্ষেত্রত কিবা ভুল হোৱা লক্ষ্য কৰিছে তেন্তে চৰকাৰক জনাব লাগে, ইয়াৰ পৰিৱৰ্তে আন্দোলন কৰি, ধৰ্ণাত বহি কষ্টত ভুগিব নালাগে। চৰকাৰৰ বিশ্বাস কৃষক সংগঠনৰ লগতে কৃষক নেতা ৰাকেশে আইনৰ বিষয়ে আলোচনা কৰাৰ নিশ্চয় ইচ্ছা প্ৰকাশ কৰিব।
আনহাতে, কেন্দ্ৰীয় চৰকাৰে নিম্নতম সমৰ্থন মূল্য (এমএছপি) বৃদ্ধি কৰাৰ সিদ্ধান্তত কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ অনুমোদন জনাইছে বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে তথ্য প্ৰদান কৰে। তোমাৰে শেষত কয় যে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে বিগত ৭ বছৰত কৃষিক্ষেত্ৰত ইমান বেছি কাম কৰিছে যে, যাৰ ফলত কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হোৱা পৰিলক্ষিত হৈছে।"
Comments