গুৱাহাটী,১০ জুন: ৰাজ্যৰ কভিড পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক বৰ্ষৰ চূড়ান্ত পৰীক্ষা। কভিড সংক্ৰমণৰ মাজতেই মেট্ৰিক আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ টুইটাৰত এতিয়াও চলি আছে তীব্ৰ প্ৰতিবাদ।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে দৈনিক সলনি কৰিছে নিজৰ মন্তব্য। কিছুদিনৰ আগতে শিক্ষামন্ত্ৰীয়ে মন্তব্য কৰিছিল যে কভিডৰ পজিটিভিটিৰ হাৰ জিলাসমূহত ১ শতাংশলৈ হ্ৰাস পালেই অনুষ্ঠিত কৰিব মেট্ৰিক আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। কিন্তু আজি আকৌ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে ২ শতাংশৰ তললৈ পজিটিভিটি হ্ৰাস নাপালে ১ জুলাইত বাতিল কৰিব পৰীক্ষা। পৰিস্থিতি উন্নত হ'লে ১৫ ৰ পৰা ২০ জুলাইৰ ভিতৰত অনুষ্ঠিত হোৱাৰ কথা আছে পৰীক্ষা ।
এইবছৰৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সন্দৰ্ভত অহা দুদিনৰ ভিতৰৰ সংবাদমেলৰ আয়োজন কৰিব শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।
শিক্ষামন্ত্ৰীয়ে কয় যে, "আমি আশা ৰাখিছোঁ অচিৰেই পৰিস্থিতি অধিক উন্নত হ'ব । শিক্ষা বিভাগ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ সাজু । ১৫ দিনৰ ভিতৰতে জাননী দি পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব।"
Comments
বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
Published on June 10, 2021|News Source : অৰূপ ডেকা
ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ কিছু নামনি এলেকা পানীৰে ভৰি পৰিছে আৰু উদ্যান খনৰ পথবোৰ পানীৰে ভৰি পৰিছে বুলি উদ্যানৰ বনকৰ্মীসকলে জনায়। উদ্যান কৰ্তৃপক্ষই তেওঁলোকৰ নিয়মীয়া কৰ্তব্য পৰিচালনা কৰিবলৈ হাতেৰে চলোৱা তীব্রবেগী নাওঁ ব্যৱহাৰ কৰি আছে। বুঢ়াপাহাৰ ৰেঞ্জত ৩০ খন হাতেৰে চলোৱা নাওঁ আৰু ৩ খন তীব্ৰবেগী নাওঁ সাজু কৰি তোলা হৈছে।
আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানৰ ভিতৰুৱা অঞ্চলৰ ঘাইপথৰ মাজেৰে মটৰ বাহন চলাচলৰ বাবে ১৪৪ ধাৰা জাৰি কৰিছে।