Cartoon
View Older
তিনিচুকীয়া: ১০ জুন: অসম চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য,দক্ষতা বিকাশ আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰ্য্যলয়ত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে এখন লিখিত আবেদন যোগে ডিগবৈ সমষ্টিত বিদ্যুতৰ সমস্যাৰ বিষয়ে অৱগত কৰে ৷
বিধায়ক সুৰেন ফুকনৰ এই আবেদনৰ প্ৰতি সন্মান জনাই ডিগবৈৰ গোলাইত এটা ১০ মেগাৱাটৰ "সৌৰশক্তি উৎপাদন প্ৰকল্প" (SOLAR POWER PRODUCTION PLAN) স্থাপনৰ বাবে মন্ত্ৰী পাটোৱাৰীয়ে অনুমোদন জনায় । এই পদক্ষেপৰ বাবে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনক সমষ্টি বাসীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।
Comments