গুৱাহাটী, ১১ জুন: যোৱা বছৰৰ দৰে এইবাৰো ভক্তৰ অবিহনে অনুষ্ঠিত হোৱাৰ দিশে পুৰীৰ ভগৱান জগন্নাথৰ বাৰ্ষিক ৰথ যাত্ৰা। অৱশ্যে ক'ভিড-১৯ৰ ভেকছিন পালি গ্ৰহণ কৰা আৰু ক'ভিড পৰীক্ষাত নিগেটিভ হিচাপে চিনাক্ত হোৱা কমসংখ্যক সেৱককহে ৰীতি-নীতি অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুমতি প্ৰদান কৰা হ'ব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।
উক্ত বিষয় সন্দৰ্ভত উৰিষ্যাৰ বিশেষ আয়ুক্ত প্ৰদীপ কে জেনাই কয় যে, "ৰথ যাত্ৰা পৰিচালনাৰ ক্ষেত্ৰত বিগত বৰ্ষত উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনাসমূহ এই বছৰো অনুসৰণ কৰা হ'ব। অৱশ্যে, ৰাজ্য চৰকাৰে ৰথ যাত্ৰা ৰাজ্যৰ আন ঠাইত সীমিত ৰাখিছে, কিন্তু কোনো জনসমাৱেশ নোহোৱাকৈ মন্দিৰসমূহত অনুষ্ঠানবোৰ সম্পাদন কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ব।
আনহাতে কেৱল ৪৮ ঘণ্টা পূর্বে কৰা আৰটি-পিচিআৰ পৰীক্ষাত ক'ভিড নিগেটিভ হিচাপে চিনাক্ত হোৱা লোকসকলকহে পৱিত্ৰ ৰথযাত্ৰাৰ ৰথ টানিবলৈ অনুমতি দিয়া হ'ব আৰু প্ৰতিখন ৰথ ৫০০ জন লোকেহে টানি নিব পাৰিব বুলি আয়ুক্ত গৰাকীয়ে জনায়। একে ধৰণৰ চৰ্ত আৰক্ষী বিষয়া সকলৰ ক্ষেত্রতো প্ৰযোজ্য হ'ব, যিসকল বিষয়াক ৰথ যাত্ৰা পৰিচালনাত সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত কৰা হ'ব। উচ্চতম ন্যায়ালয়ে ২২ জুলাই, ২০২০ তাৰিখে প্ৰদান কৰা আদেশৰ পুনৰ সংশোধন কৰি জনাই যে, "ক'ভিড সম্পৰ্কীয় স্বাস্থ্য সমস্যাৰ সৈতে যাতে মন্দিৰ সমিতিয়ে কোনো আপোচ নকৰে তাৰ প্ৰতি ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে নজৰ ৰখাটো উচিত।"
Comments
মাত্ৰ ৮০ ছেকেণ্ডৰ ভিতৰত ক'ৰনা ভাইৰাছৰ বীজাণু চিনাক্ত কৰিব পৰা বৈদ্যুতিক নাক প্ৰস্তুত বিজ্ঞানীৰ
Published on June 11, 2021|News Source : অৰূপ ডেকা
উক্ত যন্ত্ৰবিধৰ ব্যৱহাৰৰ ক্ষেত্রত বিজ্ঞানী তথা প্ৰকল্পটোৰ অধ্যাপক ন'ম চোবেলে কয় যে, "এই যন্ত্ৰবিধ বিমানবন্দৰ, কাৰ্যালয়, কাৰখানাৰ লগতে ফুটবল আৰু ক্ৰিকেট খেলপথাৰতো ব্যৱহাৰ কৰিব পাৰি। কিয়নো এই বৈদ্যুতিক নাকটোৱে ক'ৰনা ভাইৰাছৰ বীজাণুৰ গোন্ধ অতি শীঘ্রে চিহ্নিত কৰিব পাৰিব। এই যন্ত্ৰবিধ ব্যৱহাৰৰ ফলত মানুহ সমবেত হোৱাৰ লগতে ভ্ৰমণ অথবা বিদ্যালয় আৰু নিজৰ কৰ্মস্থলীলৈ উভতি যাবলৈ সক্ষম হ'ব।" পেন-৩ নামৰ উক্ত বৈদ্যুতিক নাকবিধক উশাহৰ সলনি ভি.ও.চি. (উদ্বায়ী জৈৱিক যৌগ) চিনাক্ত কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে বুলি বিজ্ঞানী চোবেলে জানিবলৈ দিয়ে।
আনহাতে যন্ত্রবিধৰ প্ৰয়োগ সন্দৰ্ভত চোবেলে এইদৰে বৰ্ণনা কৰি কয় যে, "যেতিয়া ভাইৰাছৰ উপাদানসমূহ যন্ত্ৰবিধৰ ভিতৰত প্ৰৱেশ কৰে, তেতিয়া ইয়াত অক্সিজেনৰ বিনিময় হয়, ফলত বৈদ্যুতিক পৰিবহনৰো পৰিৱৰ্তন হোৱা দেখা যায়।" এই প্ৰণালীৰ সৈতে যন্ত্ৰবিধে মাত্ৰ ৮০ ছেকেণ্ডৰ ভিতৰত ক'ৰনা ভাইৰাছৰ বীজাণুৰ গোন্ধ লৈ ফলাফল দেখুৱাবলৈ সক্ষম হয়।