Choose Language

  • All  
  • English
  • অসমীয়া

দ্বিতীয়বাৰৰ বাবে ভক্ত অবিহনে অনুষ্ঠিত হ'ব পুৰীৰ ৰথ যাত্ৰা


Published on June 11, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

মাত্ৰ ৮০ ছেকেণ্ডৰ ভিতৰত ক'ৰনা ভাইৰাছৰ বীজাণু চিনাক্ত কৰিব পৰা বৈদ্যুতিক নাক প্ৰস্তুত বিজ্ঞানীৰ


Published on June 11, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১১ জুন: মাত্ৰ ৮০ ছেকেণ্ডত ক'ৰনা ভাইৰাছৰ বীজাণু চিনাক্ত কৰি উলিয়াব পৰাকৈ বিজ্ঞানীসকলে এটা ত্ৰিমাত্ৰিক ছপা নাক প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছে। উক্ত  যন্ত্ৰবিধে ক'ভিড সংক্ৰমিত ব্যক্তিৰ নিশ্বাসত বীজাণুৰ উপলব্ধতা তৎক্ষণাৎ আৱদ্ধ কৰি ব্যক্তি এগৰাকীক সংকেত প্ৰদান কৰে। এই যন্ত্ৰবিধৰ উদ্ভাৱনৰ ফলত সমগ্ৰ বিশ্বতে ক'ৰনা ভাইৰাছৰ বীজাণু চিনাক্তকৰণৰ ক্ষেত্রত এক বৃহৎ সকাহ প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি বিজ্ঞানী সকলে উল্লেখ কৰিছে। 

উক্ত যন্ত্ৰবিধৰ ব্যৱহাৰৰ ক্ষেত্রত বিজ্ঞানী তথা প্ৰকল্পটোৰ অধ্যাপক ন'ম চোবেলে কয় যে, "এই যন্ত্ৰবিধ বিমানবন্দৰ, কাৰ্যালয়, কাৰখানাৰ লগতে ফুটবল আৰু ক্ৰিকেট খেলপথাৰতো ব্যৱহাৰ কৰিব পাৰি। কিয়নো এই বৈদ্যুতিক নাকটোৱে ক'ৰনা ভাইৰাছৰ বীজাণুৰ গোন্ধ অতি শীঘ্রে চিহ্নিত কৰিব পাৰিব। এই যন্ত্ৰবিধ ব্যৱহাৰৰ ফলত মানুহ সমবেত হোৱাৰ লগতে ভ্ৰমণ অথবা বিদ্যালয় আৰু নিজৰ কৰ্মস্থলীলৈ উভতি যাবলৈ সক্ষম হ'ব।" পেন-৩ নামৰ উক্ত বৈদ্যুতিক নাকবিধক উশাহৰ সলনি ভি.ও.চি. (উদ্বায়ী জৈৱিক যৌগ) চিনাক্ত কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে বুলি বিজ্ঞানী চোবেলে জানিবলৈ দিয়ে। 

এই যন্ত্ৰবিধেৰে ৫০৩ জন লোকৰ ওপৰত কৰা পৰীক্ষণৰ অন্তত ২৭ জনৰ দেহত কভিড-১৯ ত আক্রান্ত বুলি চিনাক্ত কৰিবলৈ সক্ষম হৈছিল আৰু ই ৯৪ শতাংশ শুদ্ধ ফলাফল দেখুৱাইছিল। ইজৰাইলৰ "ৱেইজমান ইনষ্টিটিউট অৱ চাইন্স"ৰ বিজ্ঞানী চোবেলে বৰ্ণনা কৰি কয় যে, "প্ৰতিটো ৰোগৰ বেলেগ বেলেগ গোন্ধ থাকে কিয়নো ৰোগৰ বীজাণু বোৰে বিপাকীয় (Metabolic) প্ৰক্ৰিয়া সলনি কৰে।" আনহাতে পেন-৩ বৈদ্যুতিক নাকবিধৰ আহিলা ৩-মাত্ৰিক ছপাযন্ত্ৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা হৈছে। ইয়াত এটা গেছ ইউনিট আৰু চেন্সৰৰ ৰশ্মি সংযোজন কৰা আছে। ছফ্টৱেৰৰ সৈতে সংযোজিত এটা পৰীক্ষামূলক ভাল্ভ নাকৰ সৈতে খাপ খুৱাই ৰখা হৈছে বুলি বিজ্ঞানী গৰাকীয়ে উল্লেখ কৰে। 

আনহাতে যন্ত্রবিধৰ প্ৰয়োগ সন্দৰ্ভত চোবেলে এইদৰে বৰ্ণনা কৰি কয় যে, "যেতিয়া ভাইৰাছৰ উপাদানসমূহ যন্ত্ৰবিধৰ ভিতৰত প্ৰৱেশ কৰে, তেতিয়া ইয়াত অক্সিজেনৰ বিনিময় হয়, ফলত বৈদ্যুতিক পৰিবহনৰো পৰিৱৰ্তন হোৱা দেখা যায়।" এই প্ৰণালীৰ সৈতে যন্ত্ৰবিধে মাত্ৰ ৮০ ছেকেণ্ডৰ ভিতৰত ক'ৰনা ভাইৰাছৰ বীজাণুৰ গোন্ধ লৈ ফলাফল দেখুৱাবলৈ সক্ষম হয়।

Cartoon
View Older

 

December 8, 2021


Entertainment
View Older


From Our Archive

Create Account