গুৱাহাটী, ১১ জুন: পদ্মশ্ৰী বঁটা প্ৰাপ্ত পৰিৱেশবিদ তথা উৰিষ্যাৰ প্ৰাক্তন তথ্য আয়ুক্ত অধ্যাপক ৰাধা মোহনৰ আজি এখন ব্যক্তিগত চিকিৎসালয়ত ৭৮ বছৰ বয়সত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। কিছুদিন পূৰ্বে নিউমোনিয়াত আক্ৰান্ত হোৱা পিছত গান্ধীবাদী নেতাজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত পৰিৱেশবিদ গৰাকীক আই চি ইউত স্থানান্তৰিত কৰা হয় বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
ৰাধা মোহন আৰু তেওঁৰ জীয়ৰী সবৰমতিক বিগত বৰ্ষত নয়াগড় জিলাৰ এক অনুৰ্বৰ ভূমিক সেউজীয়া অৰণ্যলৈ ৰূপান্তৰ কৰাৰ ৩০ বছৰীয়া প্ৰচেষ্টাৰ বাবে পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰা হৈছিল। উক্ত প্ৰচেষ্টাত দুয়োগৰাকী পিতৃ-কন্যাই বহনক্ষম জৈৱিক কৃষিৰ ওপৰত কৃষকসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ এক সামাজিক সংগঠন গঠন কৰিছিল।
১৯৪৩ চনত নয়াগড় জিলাৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা ৰাধা মোহনে পুৰীৰ এছচিএছ মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৬৫ চনত উৎকল বিশ্ববিদ্যালয়ৰ পৰা ব্যৱহাৰিক অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পুৰীৰ সামন্ত চন্দ্ৰ শেখৰা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত, ৰাধা মোহনক ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল। বিশিষ্ট পৰিৱেশবিদ গৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী নবীন পাটনায়কে গভীৰ শোক প্ৰকাশ কৰে।
Comments