গুৱাহাটী, ১৬ আগষ্টঃ এ টি এমৰ আৱিষ্কাৰক জন এড্ৰিয়ান শ্বেফৰ্ড-বেৰনৰ জন্ম ১৯২৫ চনত মেঘালয়ৰ ড. এইচ গৰ্ডন ৰবাৰ্টছ চিকিৎসালয়ত হৈছিল।
প্ৰতিষ্ঠানটো অহা বছৰ ১০০ বছৰত পৰিণত হ'ব আৰু কিন্তু বিশ্বব্যাপী বহুলভাৱে প্ৰচলিত হোৱা এটিএমৰ আৱিষ্কাৰকৰ জন্ম হোৱা স্থানত প্ৰায় ৫৩ বছৰৰ অন্তত এতিয়াহে এটা এ টি এম সংস্থাপন কৰা হৈছে।
উক্ত বিষয় সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰোকেন নংৰুমে কয় যে, "অহা বছৰ আমাৰ প্ৰতিষ্ঠানটিৰ শতবাৰ্ষিকী উদযাপনৰ পূৰ্বে চিকিৎসালয় চৌহদত এটা এ টি এম স্থাপনৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ ওচৰত এখন আবেদন দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত ৭ আগষ্টত নগদ ধন লাভ কৰা এটিএম স্থাপন কৰা হৈছিল।"
তেওঁ লগতে কয় যে, "এই এটিএম সংস্থাপন কৰাৰ ফলত চিকিৎসালয়খনলৈ অহা ৰোগীসকলৰ লগতে কৰ্মচাৰীসকলৰ যথেষ্ট পৰিমানে সুবিধা প্ৰদান কৰিব।"
ইপিনে, অধীক্ষক গৰাকীয়ে চিকিৎসালয়ৰ অনুৰোধটো বিবেচনা কৰাৰ বাবে বেংক কৰ্তৃপক্ষৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ১৯৬৫ চনত, চকলেট ওলোৱা মেচিনৰ দ্বাৰা অনুপ্ৰাণিত হৈ শ্বেফৰ্ড-বেৰনে এটিএম আৱিষ্কাৰ কৰিছিল।
Comments