গুৱাহাটী,১৬ আগষ্ট:আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আফগানিস্তানৰ পৰা নিমিষতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তক কঠোৰ ভাবে সমালোচনা কৰাৰ সমান্তৰালকৈ বিশ্ব বাসীয়ে জ' বিডেনৰ ওপৰত প্ৰশ্ন তুলিছে।সম্প্ৰতি আফগানিস্তানৰ আশ্রফ ঘানী চৰকাৰক উফৰাই তালিবানে দেশখনৰ শাসনভাৰ চম্ভালি লৈছে।
টুইটাৰটো কালিৰে পৰা বিভিন্ন ধৰণৰ আফগানিস্তান সম্পৰ্কীয় বাতৰি ট্রেণ্ডিঙত আহিছিল,শেহতীয়াকৈ এটা খুব আকৰ্ষণীয় হেছ টেগ টুইটাৰত ট্রেণ্ডিং হৈ পৰিছে আৰু সেয়া হৈছে "পৰৱৰ্তীৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি কমলা হেৰিছ"। ৰবিবাৰে আফগানিস্তানৰ পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰাৰ পৰা বিৰত থকাৰ পিছৰে পৰা তেওঁক বিডেনৰ সুযোগ্য বিকল্প বুলি বিশ্ববাসীয়ে ক'ব খুজিছিল। উপ ৰাষ্ট্ৰপতি গৰাকীয়ে কৈছিল যে বৰ্তমান হাইতিৰ পৰিস্থিতি সন্দৰ্ভতহে তেওঁ অৱগত,আফগানিস্তান সন্দৰ্ভত মতামত এতিয়াই দিব খোজা নাই। কিন্তু লগতে হেৰিছে এইটো কৈছিল যে আফগানিস্তানৰ পৰা সেনা উভতাই অনাৰ মিটিঙত তেওঁ উপস্থিত আছিল আৰু তেওঁ বিডেনক সমৰ্থন জনাইছিল।
ইফালে দেওবাৰে জাৰি কৰা এক বিবৃতিত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়,"আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাৰ সময় আহি পৰিছে,তেওঁ আফগানিস্তানৰ অশান্ত পৰিৱেশ সৃষ্টিত অনুমতি দিছে, লগতে তেওঁৰ শাসন কালতেই কৰ'না ভাইৰাছৰ পুনৰ প্ৰাদুৰ্ভাৱ,সীমান্তৰ বিপৰ্যয়ৰ লগতে আমেৰিকাৰ অৰ্থনীতি পংগু হৈ পৰিছে।"
Comments