গুৱাহাটী, ১৬ আগষ্টঃ হিমাচল প্ৰদেশৰ এখন সৰু গাওঁ থাটালৰ বাসিন্দা শালিনী অগ্নিহোত্ৰীয়ে সৰুতে মাকৰ অপমান দেখি এগৰাকী সুদক্ষ অসামৰিক বিষয়া হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। বৰ্তমান তেওঁ এগৰাকী আৰক্ষী বিষয়া হোৱাৰ পিছত এক বিশেষ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে আৰু অপৰাধীবোৰেও তেওঁৰ নাম শুনিলে বুকু কঁপি উঠে।
বাল্যকালত এবাৰ শালিনী অগ্নিহোত্ৰীয়ে মাকৰ সৈতে বাছত যাত্ৰা কৰিছিল। তেতিয়া এজন ব্যক্তিয়ে মাকৰ আসনৰ পিছফালে হাত ধৰি আছিল আৰু তাইক ভালদৰে বহিবলৈ দিয়া নাছিল। তেওঁ মানুহজনক কেইবাবাৰো হাত আঁতৰাবলৈ কৈছিল, কিন্তু মানুহজনে গুৰুত্ব দিয়া নাছিল। অৱশেষত শালিনীয়ে বহুবাৰ কোৱাৰ পিছত, ব্যক্তিজনে খং কৰি কৈছিল, "আপুনি উপায়ুক্ত নেকি, যে মই আপোনাৰ কথা শুনিম। " সেই তেতিয়াই শালিনীৰ সকলো মানুহৰ আগত তেনেদৰে কোৱাত কথাষাৰ কাইঁটৰ দৰে বিন্ধিছিল আৰু তেতিয়াৰ পৰাই শালিনীয়ে সিদ্ধান্ত লৈছিল যে তেওঁ এগৰাকী ডাঙৰ বিষয়া হ'ব।
শালিনী অগ্নিহোত্ৰীয়ে তেওঁৰ স্কুলীয়া দিনৰ কথা ব্যক্ত কৰি কৈছিল যে, "মই দশম শ্ৰেণীৰ পৰীক্ষাত ৯২ শতাংশতকৈ অধিক নম্বৰ পাইছিলো, কিন্তু দ্বাদশ শ্ৰেণীত মাত্ৰ ৭৭ শতাংশহে নম্বৰ পাবলৈ সক্ষম হৈছিলো। তথাপিও, মা-দেউতাই মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছিল আৰু মোক পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল।"
পৰৱৰ্তী সময়ত শালিনী অগ্নিহোত্ৰীয়ে ধৰ্মশালাৰ ডিএভি স্কুলৰ পৰা দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত পালমপুৰৰ হিমাচল প্ৰদেশ কৃষি বিশ্ববিদ্যালয় কৃষি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। শালিনীয়ে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতে অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল।
শালিনী অগ্নিহোত্ৰীয় ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত কোনো প্ৰতিষ্ঠানৰ পৰা প্ৰশিক্ষণ লোৱা নাছিল। শালিনী অগ্নিহোত্ৰীয়ে ২০১১ চনৰ মে' মাহত ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু পৰৱৰ্তী সময়ত প্ৰাৰম্ভিক আৰু মুখ্য পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হোৱাত আৰু সাক্ষাৎকাৰৰ অন্তত ২০১২ চনত ফলাফল প্ৰকাশ পাইছিল। য'ত শালিনীয়ে সৰ্বভাৰতীয় পৰ্যায়ত ২৮৫ তম স্থান লাভ কৰাৰ পিছত ভাৰতীয় আৰক্ষী সেৱাত (আইপিএছ) বাছনি কৰা হয়।
শালিনী অগ্নিহোত্ৰীৰ দেউতাক ৰমেশ অগ্নিহোত্ৰী এজন বাছ কণ্ডাক্টৰ আছিল কিন্তু তেওঁৰ সন্তানক অধ্যয়নত নিয়োজিত কৰাৰ বাবে কোনো ক্ৰুতি ৰখা নাছিল। শালিনীৰ ডাঙৰ ভগ্নী এগৰাকী চিকিৎসক আৰু ভায়েক এন ডি এ পৰীক্ষাত উৰ্ত্তীণ হৈ সেনাবাহিনীত নিয়োজিত হৈ আছে। প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত শালিনী অগ্নিহোত্ৰীৰ প্ৰথম নিযুক্তি হিমাচলত হৈছিল আৰু তেওঁ কুল্লুত আৰক্ষী অধীক্ষকৰ পদত দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান আৰম্ভ কৰিছিল আৰু কেইবাজনো ডাঙৰ অপৰাধীক কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল।
Comments