Classifieds
View All
গুৱাহাটী, ১৬ আগষ্টঃ সোমবাৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰত ৰত্ন সন্মানেৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ তৃতীয় মৃত্যুবার্ষিকী উপলক্ষে অসমত হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলিপ শইকীয়াৰ লগতে প্ৰাক্তন সভাপতি ৰমেন ডেকা, সাধাৰণ সম্পাদক তথা সাংসদ পল্লভলোচন দাস আৰু সকলো বিষয়ববীয়া তথা কাৰ্য্যকৰ্তাই উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইপিনে, প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ তৃতীয় মৃত্যুবার্ষিকী উপলক্ষে নতুন দিল্লীত অটল বিহাৰী বাজপেয়ীৰ সমাধিক্ষেত্রত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Comments