Classifieds
View All
গুৱাহাটী,১৬ আগষ্ট:'মা তুজে চালাম' গাই জনপ্ৰিয় হোৱা মিজোৰামৰ ৫ বছৰীয়া গায়িকা এষ্টাৰ হনাম্টে এইবাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত "জন গণ মন"ক প্ৰাণৱন্ত ৰূপত উপস্থাপনৰ কৰে।
স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে ভাৰতীয় সেনাই ৫ বছৰীয়া এষ্টাৰৰ সৈতে 'ৰাষ্ট্ৰীয় সংগীত'ৰ এটা মিউজিক ভিডিঅ'ৰ বাবে সহযোগিতা আগবঢ়াইছিল আৰু নাগৰিকসকলক স্বাধীনতাৰ মূল্য উপলব্ধি কৰোৱাৰ চেষ্টা কৰিছিল।
ভিডিঅ'টোত দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ ত্যাগ কৰা সকলো শ্বহীদ নায়কৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল। ই প্ৰতিজন ব্যক্তিক তেওঁলোকৰ বিবিধতাৰ স্বত্তেও এক ৰাষ্ট্ৰ হিচাপে ভাৰতৰ গৰিমাক উত্থান কৰিবলৈ উৎসাহিত কৰে।এই ভিডিঅ'টোৱে এতিয়ালৈকে ১৬ লাখ ভিউ অতিক্ৰম কৰিছে।
Comments