Cartoon
View Older
গুৱাহাটী, ১৬ আগষ্টঃ শ্বিলঙৰ আইন-শৃংখলাৰ বিদ্যমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে চলিত সান্ধ্য আইনৰ সময়সীমা ১৮ আগষ্টৰ পুৱা ৫ বজালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। তদুপৰি, ৰাজ্য চৰকাৰে ম'বাইলৰ ইণ্টাৰনেট আৰু এছ এম এছ সেৱা কৰ্তন কৰা সময়সীমা আৰু ২৪ ঘণ্টালৈ বৃদ্ধি কৰে।
ইপিনে, চহৰখনত বিএছএফ আৰু চিআৰপিএফৰ কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ পাঁচটা গোটক মোতায়েন কৰা হৈছে বুলি মুখ্যমন্ত্রী কনৰাড চাংমাই জানিবলৈ দিয়ে।
দেওবাৰৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত শ্বিলঙত সান্ধ্য আইন জাৰি কৰাৰ পিছতে চহৰখনৰ বাট-পথ নিৰ্জন হৈ পৰে। বৰ্তমান চিআৰপিএফ আৰু আৰক্ষীয়ে চহৰখনৰ বিভিন্ন অঞ্চলত পহৰা দি আছে।
Comments