সোণাৰি, ১৫ আগষ্ট : শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, সোণাৰি উন্নয়ন প্ৰাধিকাৰণৰ প্ৰাক্তন সভাপতি, সোণাৰিৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা দিলীপ গগৈ আৰু আন এজন জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী তিননাথ তাছাক ১৫ আগষ্টৰ দিনা চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।
জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় সোণাৰি ৰাজীৱ ভৱনত ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ পিছত দলটোৰ এটা সজাতি দল জ্যেষ্ঠ কংগ্ৰেছী গগৈৰ ঘৰত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনায়। চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি পৱিত্ৰ শইকীয়া, সাধাৰণ সম্পাদকদ্বয় উৎপল গগৈ, অনুজ বৰকটকী, মুখপাত্ৰ প্ৰদীপ চেতিয়া ফুকন, সোণাৰি নগৰ ব্লক কংগ্ৰেছৰ সভাপতি বুলোমণি বৰঠাকু, সম্পাদক নিপু ভৌমিক, সুজান সিংহ ৰাজপুত আদিৰ নেতৃত্বত যোৱা দলটোৱে এখন সম্বিৰ্ধনা পত্ৰ, শৰাই, চেলেং চাদৰ, গামোচা আদিৰে কংগ্ৰেছ দলৰ প্ৰতি আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বাবে দিলীপ গগৈক সম্বৰ্ধনা জনায়। ইয়াৰ পিছত দলটো সোণাৰি বৰুৱাআলিত অৱস্থিত জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী তিননাথ তাছাৰ ঘৰত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে।
Comments