গুৱাহাটী, ১৭ আগষ্টঃ ক'ৰনাৰ বিৰুদ্ধে চলি থকা যুঁজখনত ভেকছিনেই আটাইতকৈ কাৰ্যকৰী অস্ত্ৰ হিচাপে গণ্য কৰা হয় আৰু দেশত ভেকছিনৰ ছিটাকৰণ দ্ৰুত গতিত আগবাঢ়ি গৈ আছে। ইপিনে, বিগত ২৪ ঘণ্টাত, ভাৰতত অভিলেখ সংখ্যক লোকক ভেকছিনৰ প্ৰতিষেধক দিয়া হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে তথ্য প্ৰকাশ কৰিছে। তথ্য অনুসৰি, সোমবাৰে সমগ্ৰ দেশতে ৮৮.১৩ লাখৰো অধিক লোকক ছিটাকৰণ কৰা হৈছে, আৰু পূৰ্বতে ইমানসংখ্যক লোকক কেতিয়াও ছিটাকৰণ কৰা হোৱা নাছিল।
বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত ৮৮.১৩ লাখ ভেকছিন প্ৰদানৰ পিছত, সমগ্ৰ দেশৰ ৫৫.৪৭ কোটি লোকে বৰ্তমানলৈ ক'ভিড ভেকছিনৰ পালি গ্ৰহণ কৰিছে, যাৰ ভিতৰত ৪৩.১২ কোটি লোকে প্ৰথম ভেকছিনৰ পালি লাভ কৰিছে আৰু ১৩.৩৫ কোটি লোকে ক'ভিড ভেকছিনৰ দুয়োটা পালি লাভ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, উত্তৰ প্ৰদেশত বৰ্তমানলৈ সৰ্বাধিক সংখ্যক লোকক ছিটাকৰণ কৰা হৈছে।
উত্তৰ প্ৰদেশত ৫.৯৮ কোটি লোকক ছিটাকৰণ কৰা হৈছে, তাৰ পিছত দ্বিতীয় স্থানত মহাৰাষ্ট্ৰ আছে য'ত ৫ কোটিৰো অধিক লোকক ছিটাকৰণ কৰা হৈছে, গুজৰাট তিনি নম্বৰত ৪.০৭ কোটি লোকৰ ছিটাকৰণ কৰা হৈছে। মধ্য প্ৰদেশ ৩.৮৪ কোটিৰ সৈতে চতুৰ্থ আৰু ৰাজস্থান ৩.৮০ কোটি লোকৰ সৈতে পঞ্চম স্থানত আছে।
Comments