২০২১ বর্ষৰ ১৫ আগষ্টৰ দিনটোত ৭৫সংখ্যক স্বাধীনতা দিৱস উদ৲যাপনৰ বাবে আমাৰ দেশ আৰু লগতে আমাৰ ৰাজ্যখনো সাজু হৈ উঠিছে৷ সেই গৌৰৱোজ্জ্বলক্ষণটো উদ৲যাপনৰ প্রাকমুহূর্তত ভাৰতৰ লক্ষ লক্ষ স্বাধীনতা সংগ্রামীৰ ত্যাগ আৰু আত্মবলিদানক মই গভীৰ শ্রদ্ধাৰে স্মৰণ কৰিছোঁ আৰু দেশৰ সমূহ জনতা আৰু বিশেষকৈ অসমৰ প্রতিগৰাকী নাগৰিকক স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ৷
পাঁচ হাজাৰ বছৰীয়া পুৰণি সভ্যতাৰ স্থলী ভাৰতবর্ষৰ পৰা বিদেশীক বিতাড়িত কৰি স্বৰাজ প্রতিষ্ঠা কৰাটো আৰু তাৰ পিছত স্বাধীনতাৰ গৰিমামণ্ডিত ৭৫ বছৰত ভৰি দিয়াটো ভাৰতবর্ষৰ প্রতিগৰাকী নাগৰিকৰ বাবে গৌৰৱৰ বতৰা৷ দাসত্বৰ পৰা মুক্তি প্রতিজন মানুহৰ পৰম আকাংক্ষিত স্বপ্ন৷ দৰাচলতে সমগ্র মানৱজাতিৰ ইতিহাসেই হৈছে দাসত্বৰ পৰা মুক্তিৰ কাহিনী৷
সেইবাবে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটো আছিল সমগ্র মানৱ জাতিৰ নৱ উন্মেষৰ সূচনাপর্ব৷ মহাত্মা গান্ধীয়ে কৈছিল ভাৰতবর্ষৰ স্বাধীনতাই কেৱল এই দেশৰ মানুহৰ মুক্তিকেই সূচোৱা নাই৷ ভাৰতৰ মুক্তিৰ সৈতে জড়িত হৈ আছে পৃথিৱীৰ অগণন পৰাধীন মানুহৰ মুক্তিৰ স্বপ্ন৷
ভাৰতবর্ষৰ মুক্তি আন্দোলনটোৱে সর্বসাধাৰণৰ ব্যাপক জনসমর্থন লাভ কৰিছিল অসহযোগ আন্দোলনৰ যোগেদি৷ ১৯২০ চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ আহবান দিছিল৷ সেই বছৰৰ ছেপ্টেম্বৰ মাহত কলিকতাত অনুষ্ঠিত কংগ্রেছ অধিৱেশনত গান্ধীৰ এই আহবান গৃহীত হোৱাৰ পিছত ১৯২১ চনত অর্থাৎ এতিয়াৰ পৰা ঠিক এশ বছৰৰ পূর্বে অসহযোগ আন্দোলনে সমগ্র দেশতে ব্যাপক ৰূপ পৰিগ্রহ কৰিছিল৷
সেই সময়ত অসমতো স্বাধীনতা আন্দোলনত সর্বসাধাৰণ জনতাই ব্যাপকৰূপত অংশগ্রহণ কৰিছিল৷ গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, শিৱসাগৰ, ডিব্রুগড়, লখিমপুৰ আৰু সুৰমা উপত্যকাকে ধৰি অসমৰ বিভিন্ন স্থানত অসহযোগ আন্দোলনৰ গুৰি ধৰিছিল বিশিষ্ট লোকসকলে৷
সেইসকলৰ ভিতৰত আমি স্মৰণ কৰিব খুজিছোঁ কর্মবীৰ নবীন চন্দ্র বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, মৌলানা তৈয়বুল্লা, বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শর্মা, গোপীনাথ বৰদলৈ, অমিয় কুমাৰ দাস, হেমচন্দ্র বৰুৱা, চন্দ্রনাথ শর্মা, অম্বিকাগিৰী ৰায় চৌধুৰী, প্রসন্নলাল চৌধুৰী, মতিৰাম বৰা, দেৱেশ্বৰ শর্মা, বেণুধৰ শর্মা আদি প্রাতঃস্মৰণীয় নেতাসকলৰ নাম৷
বিদেশী শাসন আৰু বিদেশী বাণিজ্য– এই দুয়োটাকে বর্জন কৰাৰ যি আদর্শ, সেই আদর্শৰ নামেই আছিল অসহযোগ আন্দোলন৷ চৰকাৰী কার্যালয়, আদালত, শিক্ষানুষ্ঠান আৰু বিলাতী কাপোৰ, বিলাতী চুৰট, মদ, ভাং, কানি আদি বর্জন কৰা হৈছিল৷ মহাত্মা গান্ধীৰ আহবানত দেশত কপাহেৰে সূতা কাটি কাপোৰ বৈ উলিওৱা হৈছিল৷ অসমৰ ঘৰে ঘৰে পুৰুষ-মহিলা সকলো সূতা কটাত ব্যস্ত হৈছিল৷ ২০২১ চন হৈছে মহাত্মা গান্ধীৰ প্রথম অসম আগমনৰো ১০০ বছৰ পূর্তিৰ বর্ষ৷ ১৯২১ চনৰ আগষ্ট মাহত গান্ধীজীৰ প্রথম ভ্রমণে এইখন অসমত স্বৰাজ আন্দোলনৰ জাগৰণ আনিছিল৷
১৯৪২ চনৰ ভাৰতত্যাগ আন্দোলনত গান্ধীয়ে ভাৰতবাসীৰ বাবে দিয়া বাণী আছিল কৰিম নহ’লে মৰিম৷ মহাত্মাৰ সেই বাণীক সাৰোগত কৰি সমগ্র ভাৰতবাসীৰ লগতে অসমৰ মুক্তিপিয়াসী জনতায়ো অসমত ব্রিটিছৰ বিৰুদ্ধে সংগ্রামত জঁপিয়াই পৰিছিল৷ সেই আন্দোলনত ব্রিটিছৰ গুলীত কুশল কোঁৱৰ, তিলক ডেকা,
কনকলতা বৰুৱা, মুকুন্দ কাকতী, ভোগেশ্বৰী ফুকননী, মংগল কুর্মি, হেমৰাম পাতৰ, ৰতন কছাৰী, মদন বর্মন, ৰাউতা কোঁচ, লেৰেলা বড়ো আদি অলেখজন শ্বহীদ হৈছিল৷ এইসকলৰ আত্মবলিদান আৰু দেশবাসীৰ ত্যাগৰ অন্তত ১৯৪৭ চনৰ ১৫ আগষ্টত ব্রিটিছে ভাৰতক স্বাধীনতা প্রদান কৰিবলৈ বাধ্য হৈছিল৷
ভাৰতবর্ষৰ মুক্তি সংগ্রামৰ পটভূমিত ২০২১ চনটোৰ বিশেষ তাৎপর্য আছে৷ এই বছৰতে দেশে স্বাধীনতাৰ মহাৰজত জয়ন্তী উদ৲যাপন কৰিছে৷ ‘আজাদী কা অমৃত মহোৎসৱ’– শীর্ষকেৰে যোৱা ১২ মার্চ তাৰিখে সবৰমতী আশ্রমৰ পৰা এই মহোৎসৱৰ শুভাৰম্ভ কৰি মাননীয় প্রধানমন্ত্রীয়ে কৈছিল যে এই অমৃত মহোৎসৱৰ অর্থ হৈছে স্বাধীনতাৰ শক্তিৰ অমৃত, স্বাধীনতা সংগ্রামীসকলৰ পৰা লাভ কৰা অনুপ্রেৰণাৰ অমৃত, নতুন ধাৰণাৰ অমৃত, নতুন সংকল্পৰ অমৃত৷ ই হৈছে আত্মনির্ভৰশীলতাৰ অমৃত৷ এই উৎসৱে আত্মনির্ভৰ ৰাষ্ট্র হিচাপে দেশক প্রতিষ্ঠা কৰাৰ বাবে প্রেৰণা যোগাব৷
সুদীর্ঘ ৭৫ বছৰত ভাৰতে নিজৰ স্বাধীনতা অক্ষুণ্ণ ৰাখি অর্থনৈতিক আৰু সামাজিক ক্ষেত্রত উন্নতিৰ ন ন মাত্রা গঢ়িবলৈ সক্ষম হৈছে৷ বিকশিত ভাৰতবর্ষত অসমেও নিজৰ নৱ উন্মেষৰ সূচনা কৰিছে৷ এখন আত্মবিশ্বাসী অসমৰ স্বপ্ন লাহে লাহে বাস্তৱায়িত হোৱাৰ পথত আগবাঢ়িছে৷
১২৫ বছৰীয়া অলিম্পিকৰ ইতিহাসত এইবাৰ অসমে লাভলীনা বৰগোহঁাইৰ জৰিয়তে প্রথমটো পদক জয়ৰ অভিলেখ গঢ়িলে৷ এখন অপৰাধমুক্ত আৰু সমস্যামুক্ত অসম গঢ়ি অসমৰ বিকাশক এটা নতুন আয়তন প্রদান কৰিবলৈ ৰাজ্যৰ নৱনিযুক্ত চৰকাৰখনক ৰাইজে সাহস আৰু প্রেৰণা যোগাইছে৷ এয়া আগন্তুক সময়ৰ বাবে অতিশয় শুভ সংকেত৷
এখন আত্মবিশ্বাসী আৰু আত্মনির্ভৰশীল অসম নির্মাণৰ পথত দ্রুতগতিৰে আগুৱান হোৱাৰ বাবে আজি আমি পণ লৈছোঁ৷ ৰাইজৰ প্রেৰণা আৰু শুভাশিস এই দিশত কামনা কৰিছোঁ৷ শেষত, স্বাধীনতা দিৱসৰ ক্ষণত পুনৰবাৰ সদৌ ৰাইজলৈ শুভেচছা আৰু অভিনন্দন জনাইছোঁ৷
Comments